নতুন দিল্লীঃ সকলোকে হতবাক কৰি ছ’চিয়েল মিডিয়া বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে এক টুইটযোগে এই কথা সদৰী কৰে ডিজিটেল ইণ্ডিয়াৰ সপোন দেখা প্ৰধানমন্ত্ৰীগৰাকীয়ে। নিশা ৮ বাজি ৫৬ মিনিটত কৰা এই টুইটটো পোৱাৰ লগে লগে হতভম্ব হৈ পৰে দেশৰ প্ৰতিগৰাকী নেটিজেন।
টুইটটোত তেওঁ এতিয়ালৈকে ব্যৱহাৰ কৰি অহা ছ’চিয়েল মিডিয়া টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউব একাউণ্ট অহা সপ্তাহৰ ভিতৰত বন্ধ কৰাৰ কথা গুণা-গঁথা কৰি থকা বুলি জানিবলৈ দিয়ে। বিশ্বৰ ভিতৰতে ছ’চিয়েল মিডিয়াত অধিক সক্ৰিয় হৈ থকা নেতাসকলৰ অন্যতম মোদীয়ে কি কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া অৱশ্যে এই পৰ্যন্ত জানিব পৰা হোৱা নাই।
সকলোকে আচৰিত কৰি তোলা আজিৰ টুইটটোত তেওঁ লিখিছে, 'This Sunday, thinking of giving up my social media accounts on Facebook, Twitter, Instagram & YouTube. Will keep you all posted.’ (অহা দেওবাৰৰ পৰা মই টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ইউটিউবত থকা ছ’চিয়েল মিডিয়া একাউণ্টকেইটা বন্ধ কৰি দিয়াৰ বিষয়ে গুণা-গঁথা কৰি আছো। আশা কৰিছো আপোনালোকে আগৰ দৰেকৈ পোষ্ট কৰি থাকিব।)
উল্লেখ্য যে, টুইটাৰত প্ৰধানমন্ত্ৰীগৰাকীৰ ফল’ৱাৰৰ সংখ্যা হৈছে ৫৩.৩ মিলিয়ন। আনহাতে ফেচবুকত ৪৪ মিলিয়ন আৰু ইনষ্টাগ্ৰামত ৩৫.২ মিলিয়ন ফল’ৱাৰ আছে মোদীৰ। ছ’চিয়েল মিডিয়াৰ জৰিয়তে কৰা প্ৰচাৰৰ বাবেই ২০১৪ চনৰ লোকসভা নিৰ্বাচনত মোদীৰ নেতৃত্বত বিশাল জয় লাভ কৰিবলৈ সমৰ্থ হৈছিল বিজেপিয়ে।
জয়লাভ কৰি প্ৰধানমন্ত্ৰীৰ আসন লাভ কৰাৰ পিছৰে পৰা এখনো সংবাদ মেল অনুষ্ঠিত নকৰাকৈ প্ৰথমটো কাৰ্যকালৰ অন্ত পেলাইছিল মোদীয়ে। দ্বিতীয়টো কাৰ্যকালতো এই পৰ্যন্ত পোনপটীয়াকৈ এখনো সংবাদ মেল অনুষ্ঠিত কৰা নাই প্ৰধানমন্ত্ৰীগৰাকীয়ে। এনে পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াৰ জৰিয়তেই অনুৰাগীসকলৰ লগতে সংবাদ মাধ্যম তথা সমগ্ৰ দেশবাসীৰ সৈতে মতবিনিময় কৰি আহিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ছ’চিয়েল মিডিয়াত প্ৰায় প্ৰতিটো মুহূৰ্ততে সক্ৰিয় হৈ থকা প্ৰধানমন্ত্ৰীগৰাকীয়ে যদিহে আজি টুইট কৰাৰ দৰেকৈ সঁচাকৈয়ে ছ’চিয়েল মিডিয়া ত্যাগ কৰে তেন্তে জনতাৰ সৈতে তেওঁৰ মতবিনিময়ৰ একমাত্ৰ মাধ্যম হৈ পৰিব ৰেডিঅ’ৰ 'মন কী বাত’ শীৰ্ষক অনুষ্ঠানটো। ৰেডিঅ’ৰ 'মন কী বাত’ৰ জৰিয়তেই দেশবাসীয়ে জানিব পাৰিব মোদীৰ মনৰ কথা।
তাৎপৰ্যপূৰ্ণ যে ছ’চিয়েল মিডিয়াত প্ৰায় প্ৰতিটো বিষয়ক লৈ পোষ্ট কৰি আহিলেও কিছুমান স্পৰ্শকাতৰ বিষয় আৰু ঘটনা সন্দৰ্ভত গ্ৰহণ কৰা নীৰৱ স্থিতিৰ বাবে সময়ে সময়ে সমালোচনাৰ সন্মুখীন হৈ আহিছে প্ৰধানমন্ত্ৰীগৰাকী। শেহতীয়াকৈ দিল্লীৰ সাম্প্ৰদায়িক হিংসাক লৈ ৩ দিন পিছতহে ছ’চিয়েল মিডিয়াযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল মোদীয়ে।
ইফালে উক্ত টুইট লাভ কৰাৰ পিছতে একাংশ নেটিজেনে প্ৰধানমন্ত্ৰীগৰাকীৰ টুইটাৰ একাউণ্ট হেক হোৱাৰ আশংকা প্ৰকাশ কৰা দেখা গৈছে। অৱশ্যে এই বাতৰি যুগুতোৱা পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা বিষয়টোক লৈ কোনোধৰণৰ স্পষ্টীকৰণ পোৱা হোৱা নাই।