গুৱাহাটীঃ অসম সাহিত্য সভাই মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰা, পদ্মশ্ৰী, সমাজসেৱীকা, প্ৰথিতযশা লেখিকা মহাশ্বেতা দেৱীৰ দেওবাৰে জন্মদিন৷ বিশাল নেতৃত্বৰ অধকাৰী মহাশ্বেতা দেৱীৰ দেওবাৰে ৯২ সংখ্যাক জন্মদিন৷

লেখিকাগৰাকীৰ জন্মদিনত Google Doodle-এ তেওঁৰ ফটো ব্যৱহাৰ কৰি তেওঁক সন্মান প্ৰদান কৰে৷ সাহসী লেখিকা ৰূপে পৰিচিত সাহিত্য আৰু সমাজৰ বাবে অহৰহ কাম কৰা মহাশ্বেতা দেৱীয়ে ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে৷

মহাশ্বেতা দেৱীৰ অলেখ গ্ৰন্থ আছে৷ যিসমূহ গ্ৰন্থৰ চৰ্চা, প্ৰয়োজনীয়তা, সামাজিক বাৰ্তা সদায় গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে৷ ১৯২৬ চনৰ ১৪ জানুৱাৰীত ঢাকাত জন্ম গ্ৰহণ কৰা মহাশ্বেতা দেৱীৰ পিতৃ মণীষ ঘটক এগৰাকী প্ৰখ্যাত কবি আছিল৷

প্ৰায় ১১০ খন উপন্যাস, ২০টা ছুটি গল্প, ভ্ৰমণ কাহিনী যুৱ প্ৰজন্ম, খাটিখোৱা, শ্ৰমিক, লাঞ্চিত-বঞ্চিতৰ বাবে নানা তৰহৰ বাৰ্তাৰে লিখনি লিখি ভাৰতীয় সাহিত্যক সমৃদ্ধ কৰিছে৷ হাজাৰ চুৰাশীৰ মা, ৰুদালী, চুট্টি মুদ্ৰা ইভম তাৰ তিৰ আদি গ্ৰন্থ বিশেষ জনপ্ৰিয় আছিল৷ আনহাতে দৰিদ্ৰ, খাটিখোৱা শ্ৰমিক, আদিবাসীৰ হৈ মাত মাতি গৈছিল তেওঁ৷ পশ্চিম বংগ, বিহাৰ, মধ্যপ্ৰদেশ, ছট্টিছগড় আদি ঠাইৰ লাঞ্চিত-বঞ্চিত আদিবাসীৰ অধিকাৰৰ কথাও প্ৰায়ে কৈছিল৷

সাহিত্য অকেদেমী বঁটা, পদ্মশ্ৰী, জ্ঞানপীঠ বঁটা, ৰমন মেগছেছে বঁটা, ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰী, পদ্ম বিভুষণ, পশ্চিমবংগ চৰকাৰৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান, সাহিত্যব্ৰহ্ম-জীৱনযোৰা অৱদানৰ বঁটা, অসম সাহিত্য সভাৰ মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ কৰিছিল৷ ২০১৬ চনৰ ২৮ জুলাইত ৯০ বছৰ বয়সত কলকাতাত মৃত্যুক আকোৱালি লয় মহাশ্বেতা দেৱীয়ে৷