♦ দুজন কৰ্মচাৰীয়ে পৰিচালিত হৈ আছে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ শ্ৰম বিভাগ  

জিতুমনি নাথ, মৰিগাঁওঃ যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীক কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ পুৱা ৯ বজাৰপৰা আবেলি ৬ বজালৈ উপস্থিত থকাটো বাধ্যতামূলক কৰি তুলিবলৈ অগ্ৰসৰ হৈছে, সেই সময়তে মৰিগাঁও জিলাৰ চৰকাৰী কাৰ্যালয়সমূহৰ দুৰৱস্থাই চিন্তিত কৰি তুলিছে সৰ্বসাধাৰণ নাগৰিকক।

মূলতঃ মৰিগাঁও জিলাত ৰাজ্য চৰকাৰৰ বহু কেইটা গুৰুত্বপূৰ্ণ বিভাগত পৰ্যাপ্ত চৰকাৰী কৰ্মচাৰী অবিহনেই পৰিচালিত হৈ আহিব লগাত পৰিছে চৰকাৰী কাম-কাজ। ফলত বিভিন্ন সময়ত সৰ্বসাধাৰণ নাগৰিকে ভোগ কৰিব লগাত পৰিছে ইয়াৰ কুফল।

জিলাখনৰ গুৰুত্বপূৰ্ণ বিভাগসমূহৰ ভিতৰত স্বাস্থ্য বিভাগ, শিক্ষা বিভাগকে ধৰি বহু কেইটা গুৰুত্বপূৰ্ণ বিভাগত পৰ্যাপ্ত চৰকাৰী কৰ্মচাৰী অবিহনেই পৰিচালিত হৈ অহাৰ মাজতেই দুজন কৰ্মচাৰীয়ে মৰিগাঁৱত অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ পৰিচালিত হৈ থকা তথ্য পোহৰলৈ আহিছে।

অসম চৰকাৰৰ এই গুৰুত্বপূৰ্ণ বিভাগটো হৈছে মৰিগাঁও জিলা শ্ৰম বিভাগ। জিলাখনৰ এই গুৰুত্বপূৰ্ণ বিভাগটো জিলা বিষয়া আৰু এজন কণিষ্ঠ সহায়কে আজি দীৰ্ঘদিনে পৰিচালিত কৰি আহিব লগাত পৰিছে।

দুৰ্ভাগ্যজনক কথা এয়ে যে জিলাখনৰ এই গুৰুত্বপূৰ্ণ বিভাগটোত নাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। এনেকৈয়ে পৰিচালিত হ’বলগীয়াত পৰিছে এই বিভাগটো। তদুপৰি কাৰ্যালয়টোত জিলা বিষয়া হিচাপে থকা সঞ্চয়িতা ভট্ৰাচাৰ্য নামৰ বিষয়াগৰাকী পদোন্নতি লাভ কৰাত অন্য এজন বিষয়াক অসম চৰকাৰে নিযুক্তি দিছিল যদিও উক্ত বিষয়াজন নিয়মীয়াকৈ উপস্থিত হ’ব নোৱাৰে কাৰ্যালয়ত। 

জানিব পৰা মতে তেওঁ অন্য এখন জিলাৰ দায়িত্ব থকা বাবে অনিয়মীয়া উপস্থিতিৰ বাবে এজন কৰ্মচাৰীয়েই পৰিচালিত কৰিব লগাত পৰিছে এই বিভাগটো। ইয়াৰ মাজতে ঠিকাভিত্তিত এজন কৰ্মচাৰী নিযুক্তি দিয়াত কিছু সকাহ লাভ কৰিছে স্থায়ী নিযুক্তিপ্ৰাপ্ত কনিষ্ঠ সহায়কজনে। 

জিলাখনৰ এই বিভাগটোতেই নহয়, বহু কেইটা অসম চৰকাৰৰ এনে গুৰুত্বপূৰ্ণ বিভাগত চলি আছে এই দুৰৱস্থা। যাৰ বাবে দীৰ্ঘ সময় ধৰি বহু কেইটা চৰকাৰী বিভাগত এটা সাধাৰণ কামৰ বাবে তিনি-চাৰি দিনলৈ বুন্দাপৰ দিব লগাত পৰে সৰ্বসাধাৰণ নাগৰিক।

চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্মসংস্কৃতিৰ কথা দোহাৰি অহা ৰাজ্য চৰকাৰে চৰকাৰী বিভাগসমূহত চলি থকা কৰ্মচাৰী অভাৱৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয়।