নগাঁওঃ মৰিগাঁও জিলাৰ চাবুকধৰাত ভাতৃৰ হাতত প্ৰাণ গ'ল ভাতৃৰ। মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত চাবুকধৰাৰ এটি পৰিয়ালৰ দুই ভাতৃৰ মাজত কোনো কথাক লৈ প্ৰথমে তৰ্কা-তৰ্কি হয়।

পিছলৈ তৰ্কা-তৰ্কিয়ে হতাহতিৰ ৰূপ লয়। জ্যেষ্ঠ ভাতৃ চক্ৰেশ্বৰ দেউৰীয়ে খঙত অগ্নিশৰ্মা হৈ গধুৰ অস্ত্ৰৰে কনিষ্ঠ ভাতৃ চন্দ্ৰমোহন দেউৰীক প্ৰহাৰ কৰাত গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷

পৰিয়ালৰ তথা ওচৰ চুবুৰীয়াই ততাতৈয়াকৈ চন্দ্ৰমোহনক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়৷ কিছু সময় পিছতে চন্দ্ৰমোহনৰ অৱস্থা বেয়াৰ ফালে যোৱাত চিকিৎসকে তেওক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও আজি পুৱা ১১ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷

পাৰিবাৰিক সংঘাটৰ ফলশ্ৰুতিত জ্যেষ্ঠ ভাতৃৰ হাতত কনিষ্ঠ ভাতৃৰ প্ৰাণ যোৱা কাৰ্যক সহজে ল'ব পৰা নাই ৰাইজে। মিকিৰভেটা আৰক্ষীয়ে হত্যাকাৰী চক্ৰেশ্বৰ দেউৰীক আটক কৰিছে।