♦ মৰিগাঁও জিলা প্ৰশাসন আৰু এণ্টি গ্লোৱেল ৱাৰ্মিং ছ'চাইটিৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন
জিতুমনি নাথ, মৰিগাঁওঃ আগন্তক বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এণ্টি গ্লোৱেল ৱাৰ্মিং ছ'চাইটিয়ে মঙলবাৰৰেপৰা পষেকজোৰা এক বিস্তৃত কাৰ্যসূচীৰ আৰম্ভ কৰিছে।
এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসন, অসম বিজ্ঞান সমিতিৰ মৰিগাঁও শাখা, মৰিগাঁও লায়েন্স ক্লাব আৰু এণ্টি গ্লোৱেল ৱাৰ্মিং ছ'চাইটিৰ যৌথ উদ্যোগত আজি মৰিগাঁও অসামৰিক চিকিৎসালয়ত চাফাই অভিযানৰ এক কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়।
মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই শুভাৰম্ভ কৰা চাফাই অভিযানটো পুৱা ৭ বজাৰপৰা ৯ বজালৈ ৰূপায়ণ কৰা হয়। শিক্ষাবিদ নৰেন্দ্ৰনাথ কেওঁত, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান, অৰূপ পাঠক, মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক এম ৰহমান, এণ্টি গ্লোৱেল ৱাৰ্মিং ছ'চাইটিৰ সভাপতি ড০ লীলাকান্ত বৰঠাকুৰ, সম্পাদক সত্যব্ৰত বৰঠাকুৰ, মৰিগাঁও লায়ন্স ক্লাবৰ সভাপতি ডা০ তোলেশ্বৰ নাথ, সম্পাদক মাধব শৰ্মা, অসম বিজ্ঞান সমিতিৰ মৰিগাঁও শাখাৰ সভাপতি ড০ বোধেশ্বৰ কলিতা, সম্পাদক নিৰোদ বৰা, ভূৰবন্ধা জিলা পৰিষদৰ সদস্য পৱিত্ৰ বৰা, মৰিগাঁও সংবাদ মাধ্যম, চিকিৎসালয় কৰ্মচাৰী, ধূমপান নিয়ন্ত্ৰণ সমিতিকে আদি কৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে।
এই চাফাই অভিযানৰ মাজতেই মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ভিতৰ চ'ৰা আৰু বাহ্যিক অংশৰ অস্বাস্থ্যকৰ পৰিৱেশ পৰিদৰ্শন কৰি হতভম্ব হৈ পৰে।লগে লগে চিকিৎসালয়খনৰ অধীক্ষক এম ৰহমানক চিকিৎসালয়খনৰ বাহিৰে-ভিতৰে সৃষ্টি হৈ থকা কৰ্দযময় আৰু অস্বাস্থ্যকৰ পৰিৱেশ নিৰ্মূল কৰাৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।
একে সময়তে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা দুখীয়া ৰোগীসকলক একাংশ এম্বুলেন্সৰ ড্ৰাইভাৰে ধনৰ লোভত ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰাই ৰোগীক হাৰাশাস্তি কৰি অহা এম্বুলেন্স ড্ৰাইভাৰসকলৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে চিকিৎসালয়খনৰ অধীক্ষক নিৰ্দেশ দিয়ে।
তদুপৰি এই ঘটনাৰ লগত জড়িত দুজন এম্বুলেন্স ড্ৰাইভাৰক বৰ্তমান আৰক্ষীয়ে চিনাক্ত কৰি তেওঁলোকৰ অনুজ্ঞাপত্ৰ কৰ্তন কৰিবলৈও চিকিৎসালয়খনৰ অধীক্ষকক কৰ্তৃত্ব প্ৰদান কৰে জিলাখনৰ দুই মূৰৰ্ব্বী বিষয়াই।
উল্লেখ্য যে চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ দুৰ্বল প্ৰশাসনিক ব্যৱস্থাৰ বাবে সৃষ্টি হোৱা সমস্যা, চিকিৎসালয়খনৰ কৰ্দযময় পৰিৱেশ, দালালৰ দপদপনিকে আদিৰ সন্দৰ্ভত বিভিন্ন সময়ত মৰিগাঁও অসামৰিক চিকিৎসালয়ে বাতৰি শিৰোনামা দখল কৰি আহিছিল আৰু আজি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে পৰিদৰ্শন কৰি সকলো সত্যতা নিজে প্ৰত্যক্ষ কৰি এক প্ৰকাৰে চিকিৎসালয় কৰ্তৃপক্ষৰ ওপৰত অগ্নিশৰ্মা হৈ পৰে।
চিকিৎসালয়খনৰ এই চাফাই অভিযানতে ধূমপান নিয়ন্ত্ৰণ সমিতিৰ দায়িত্বত থকা জিলা বিষয়া জয়া বড়োৰে আজিৰেপৰা কাৰ্যকৰী হোৱাকৈ মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ত ধূমপান আৰু পলিথিন মুক্ত অঞ্চল হিচাপে ঘোষণা কৰে। এই নিৰ্দেশ অমান্য কৰা সকলে দুশ টকাকৈ জৰিমনা ভৰিব লাগিব বুলি ঘোষণা কৰে।
ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক উদ্ধোধন জিলা উপায়ুক্তঃ মৰিগাঁও অসামৰিক চিকিৎসালয়ত আজি পুৱাৰপৰা চলি থকা চাফাই অভিযানৰ মাজতেই জিলা উপায়ুক্ত ঋতুৰাজ বৰাই ডায়েৰীয়া নিয়ন্ত্ৰণ পষেকৰ শিবিৰটো মুকলিৰ ফিটা কাটি দুটা শিশুক ডায়েৰীয়া ঔষধ সেৱন কৰাই উদ্ধোধন কৰে।
স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বাহৰুল ইছলামে আঁত ধৰা অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান, চিকিৎসালয়খনৰ অধীক্ষক এম ৰহমান, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকা, সম্পাদক জিতুমনি নাথকে আদি কৰি স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ পাছতেই চিকিৎসালয়খনৰ সভাকক্ষত জাপানী এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধ সন্দৰ্ভত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ সৈতে এখন সভাত মিলিত হয় জিলা উপায়ুক্ত ঋতুৰাজ বৰা।
অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান, চিকিৎসালয়খনৰ অধীক্ষক এম ৰহমান, চিকিৎসালয়খনৰ চিকিৎসক, চিকিৎসাকৰ্মী আদিৰে অংশগ্ৰহণ কৰা সভাখন আঁত ধৰে জিলা মেলেৰীয়া বিষয়া গৰাকীয়ে।