মৰিগাঁওঃ এইয়া হৈছে মোৰ নৈতিকতা  জয়। অসমত  অসমীয়া আৰু অসমীয়াত্ব ৰক্ষাৰ বাবে মই সদায় মৰণ পৰন যুঁজ দি যাম এই মন্তব্য নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ।

কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ মাজত সৃষ্টি হোৱা তীব্ৰ ভোট যুঁজৰ অন্তত ১৬,৭৫২  টা ভোটত জয়ী হোৱা নগাঁও লোকসভা সমষ্টি কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী  বৰদলৈয়ে মৰিগাঁৱত কালি নিশা মৰিগাঁও সংবাদ মাধ্যমৰ আগত কয় -বিজেপিৰ প্ৰত্যাহ্বানক ওফৰাই নগাঁওবাসীয়ে মোক আস্থাত লৈ জয়ী   কৰাৰ বাবে নগাঁৱৰ সমূহ ভাষা ভাষী জাতি জনগোষ্ঠী সকলো  শ্ৰেণীৰ লোকলৈ কৃতজ্ঞতা জনাইছো।

কিয়নো ইমান নিকৃষ্ট ৰাজনীতি,ইমান বোকা ছটিওৱা,নিকৃষ্ট গালি গালাজ,বিভিন্ন ধৰণৰ কথা কোৱা এই বিলাকৰ ৰাজনীতিৰ উপৰিও ধৰ্মীয় মেৰুকৰণে আমাৰ মানুহ বিলাকক ভাগ ভাগ কৰি আমাৰ সমাজ খন তথা অসম খনক পিছুৱাই  লৈ যাবলৈ যি ধৰণৰ নিকৃষ্ট চেষ্টা কৰিছে নগাঁওবাসীয়ে তাক প্ৰত্যাখান কৰিছে ।

সেইটো কাৰণে মই নগাঁওবাসীৰ ওচৰত আজি ভীষণ ভাবে কৃতজ্ঞ। নিৰ্বাচনৰ ফলাফলত আমাৰ বিপৰ্য্যয় হৈছে। সেইটো সঁচা কথা। সাম্প্ৰদায়িক ৰাজনীতিয়ে আমাক গ্ৰাস কৰি একেবাৰে বিষময় কৰি তুলিছে।

এইটো বৰ দুৰ্ভাগ্যজনক কথা। ৰাইজৰ মৌলিক সমস্যাক সম্পূৰ্ণৰূপে নস্যাৎ কৰি এক মাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰিয়েই ভোটৰ বৈতৰণী পাৰ কৰিবলৈ চেষ্টা কৰিলে। এনেকোৱা ধৰণৰ ৰাজনীতি চিৰস্থায়ী নহয়। আমি যুদ্ধ কৰিম। এনেকোৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিক আমি পৰাস্ত কৰিম।

অসমত অসমীয়া আৰু অসমীয়াত্ব নিৰ্মূল কৰিবলৈ বিজেপি আৰু আৰ এছ এছে যিটো চক্ৰান্ত কৰিছে,সেই চক্ৰান্তৰ বিৰুদ্ধে মই যুঁজ দি যাম। মই অসমৰ হৈ উত্তৰ পূৰ্বাঞ্চলৰ হৈ সৰ্ব্বভাৰতীয় ৰাজনীতিত অসমীয়াত্ব ৰক্ষাৰ বাবে সদায় মৰণ পৰন যুঁজ দিম বুলি মন্তব্য কৰে।

উল্লেখ্য যে নগাঁও লোকসভা সমষ্টিৰ ফলাফলত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে   ১৬,৭৫২ টা ভোটৰ ব্যৱধানত জয় লাভ কৰে।ফলাফলত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৭,৩৯,৭২৪ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই লাভ কৰে ৭,২২,৯৭২ টা ভোট। এই ফলাফলৰ ভিতৰত মৰিগাঁও জিলাৰ তিনিটা বিধান সভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে সামগ্ৰিক ভাৱে ৯,৭৮১ টা ভোটৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰ ভিতৰত লাহৰীঘাট বিধান সভা সমষ্টিত কংগ্ৰেছে ১,০৮,৮২৪ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে ৪১,৪৬৮ টা ভোট।ফলত  কংগ্ৰেছ দলে  ৬৭,৩৫৩ টা ভোটৰ অগ্ৰগতি লাভ কৰে। মৰিগাঁও বিধান সভা সমষ্টিত কংগ্ৰেছে  ৫৮,৬৯৮  টা ভোট লাভ কৰাৰ বিপৰীতে  বিজেপিয়ে লাভ কৰে ৮৭,০৫৯  টা ভোট।

ফলত বিজেপিয়ে ২৮,৩৬১ টা ভোটৰ অগ্ৰগতি লাভ কৰে। একেদৰে জাগীৰোড বিধান সভা সমষ্টিত বিজেপিয়ে ১,০৩,৯২৯ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰে ৭৪,৭১৫ টা ভোট। ফলত বিজেপিয়ে ২৯,২১৪ টা ভোটৰ অগ্ৰগতি লাভ কৰে।ইফালে নগাঁও লোকসভা সমষ্টিত মুঠ ১০,৭৫৭ টা  নটাৰ ভোটৰ ভিতৰত মৰিগাঁও জিলাৰ তিনিটা বিধান সভা সমষ্টিত মুঠ ৩,২৭৪ টা ভোট নটাৰ ভোটত পৰে।

ইয়াৰে লাহৰীঘাট বিধান সভা সমষ্টিত ৯০৫ টা,জাগীৰোড বিধান সভা সমষ্টিত ১,২৯৫ টা আৰু মৰিগাঁও বিধান সভা সমষ্টিত ১,০৭৪ টা পৰে।