ডিজিটেল ডেস্কঃ কেইগৰাকীমান হিংস্ৰ কামাতুৰ পুৰুষৰ পৰা নিজক বচাবলৈ অৱশেষত চলন্ত ৰেলৰ পৰা জাপ দিলে এগৰাকী মাতৃ আৰু কন্যাই। চলন্ত ৰেলত মাতৃ-কন্যাক ধৰ্ষণ কৰাৰ উদ্দেশ্যে প্ৰহাৰ কৰে এটি ১৫ জনীয়া দলে। উদ্দেশ্য আছিল ধর্ষণ কৰাৰ।
অৱশেষত হিংস্ৰ পুৰুষৰ পৰা হাত সাৰিবলৈ চলন্ত ৰেলৰ পৰা জাঁপ দিয়ে মাতৃ আৰু কন্যাই। শনিবাৰে নিশা হাওৰা-যোধপুৰ এক্সপ্রেছত ১০-১৫ জনীয়া যুৱকৰ দল এটাই ১৫বছৰীয়া কিশোৰী এগৰাকীক শৌচালয়লৈ টানি নিয়াৰ চেষ্টা চলায়। কিন্তু সেই সময়ত ৰেলখনত সহায়ৰ বাবে কোনো নথকাত চলি থকা ৰেলৰ পৰা জাপ দিয়ে মাতৃ আৰু কন্যাই৷ তাৰ পিছৰ ঘটনা আৰু লজ্জাজনক। ৰেলৱে আৰক্ষীক অভিযোগ দিয়াৰ পিছত অসৎ চৰিত্ৰৰ যুৱক কেইজনক আৰক্ষীয়ে টকা লৈ এৰি দিয়ে।
শনিবাৰে কলিকতাৰ পৰা দিল্লী অভিমুখী ৰেলত যাত্ৰা কৰিছিল মাতৃ-কন্যাই। ৰেল খনে হাওৰা ষ্টেছন এৰাৰ পিছতেই কিশোৰীগৰাকীক মাতৃৰ সমুখতে বিৰক্ত কৰিবলৈ আৰম্ভ কৰে যুৱকৰ দলটোৱে৷ সিহঁতে এটা সময়ত সকলো সীমা অতিক্ৰম কৰি প্ৰহাৰ কৰি টানি নিয়ে টয়লেটলৈ। তেনে সময়তে সুবিধা বুজি কিশোৰীগৰাকী আৰু মাতৃয়ে চলন্ত ৰেলৰ পৰা জপিয়াই৷
ইয়াৰ পিছত কমেও দুঘন্টা ধৰি অচেতন হৈ পৰি ৰয় চান্দেৰি আৰু কানপুৰ ষ্টেছনৰ মাজত৷ পিছত চেতনা ঘুৰি অহাত মাতৃ-কন্যাই চান্দেৰি ষ্টেছনত উপস্থিত হয়।দুয়োগৰাকীকে এম্বুলেঞ্চৰ সহায়ত লালা লাজপত ৰায় হাস্পিতালত ভৰ্তি কৰায়।
প্ৰথমাৱস্থাত মাতৃ-কন্যাক বেয়া ব্যৱহাৰ কৰিছিল। তাৰ পিছতে অভিযোগ দিছিল একেটা ডবাৰ ভিতৰত থকা ৰেল আৰক্ষীক। কিন্তু একো পদক্ষেপ গ্ৰহণ নকৰিলে ৰেল আৰক্ষীয়ে।
মহিলাগৰাকীয়ে জনায় যে, ঘটনাৰ সময়ত RPFৰ কনিষ্টবল এজনো আছিল সেই ডবাত। ১৫ জনৰ ভিতৰত তিনজনক আৰক্ষীয়ে আটক কৰে যদিও কিছু সময়ৰ পিছতে তেওলোকক এৰি দিয়।
ৰেল আৰক্ষীক অভিযোগ দিয়াৰ পিছত প্ৰতিশোধ লবলৈ ৰেল খন এলাহবাদ এৰাৰ পূৰ্বে বেছি হিংসুক হৈ উঠে যুৱককেইজন ৷ সিহঁতে কিশোৰীগৰাকীক বিক্রি কৰিম বুল কয়৷ এয়াৰ পিছত নিশা ১০বজাত কিশোৰীগৰাকীক শৌচালয়লৈ টানি লৈ যাবলৈ চেষ্টা কৰে উদণ্ড যুৱকৰ দলটোৱে৷ জীয়ৰীক বচাবৰ বাবে অসহায় মাতৃয়ে কন্যাক সহিতে ৰেলৰ পৰা জাপিয়াই ৷