ডিজিটেল ডেস্কঃ একে সময়তে দেশৰ লোকসভা আৰু সকলো ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিতকৰণৰ বাবে কেন্দ্ৰই সম্পূৰ্ণ কৰিছে প্ৰস্তুতি।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিপূৰ্বে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি যথা শীঘ্ৰে এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ অনানুষ্ঠানিকভাৱে বিশেষজ্ঞ কমিটী গঠন কৰা হৈছে।

লোকসভাৰ প্ৰাক্তন সচিব প্ৰধান সুভাষ কাশ্যপৰ পৰামৰ্শ কাৰ্যকৰী কৰি চৰকাৰে ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ লগতে একেলগে পাতিব কেবাখনো ৰাজ্যৰ জনাদেশ পৰ্ব।

বিগত বৰ্ষত একেলগে সম্পন্ন হোৱা হেতুকে ২০১৯ত কাৰ্যকাল সমাপ্ত হব ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ। গতিকে এই কেইখন ৰা্জ্যৰ নিৰ্বাচন অনিবাৰ্যভাৱে লোকসভা নিৰ্বাচনৰ লগতে অনুষ্ঠিত হব।

তদুপৰি একেসময়তে ভোটগ্ৰহণ সম্পন্ন কৰা উদ্দেশ্যে ওড়িষাৰ চৰকাৰৰ কাৰ্যকাল কিছুমাহ হ্ৰাস কৰা হ'ব পাৰে। একেদৰে সম্ভৱতঃ সময়তকৈ আগতেই অনুষ্ঠিত হব অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগনাৰ নিৰ্বাচন। দিল্লীতো লোকসভাৰ লগতে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিতকৰণৰ ব্যৱস্থা কৰা হ'ব পাৰে।