ডিজিটেল ডেক্সঃ মধ্য প্ৰদেশৰ বিন্ধ জিলাত ডাম্পাৰৰ খুন্দাত এজন সাংবাদিকৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। সোমবাৰে সংঘটিত ঘটনাটোত এখন খালী ডাম্পাৰে সন্দীপ শৰ্মা নামৰ সাংবাদিকজনক মহতিয়াই নিয়াত তেওঁৰ থিতাতে মৃত্যু হয়। 

মন কৰিবলগীয়া যে, ৩৫ বছৰীয়া সাংবাদিকজনে স্থানীয় বালি মাফিয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে কলম চলাই গৈছিল। কেইদিনমান পূৰ্বে তেওঁ বালি মাফিয়াক সংগ দিয়া মহকুমা আৰক্ষী বিষয়া এজনৰ বিৰুদ্ধে ষ্ট্ৰীং অপাৰেচন চলাই তেওঁৰ কথোপকথন টেপ কৰিবলৈ সক্ষম হৈছিল। 

এই অডিঅ' টেপ নিউজ ৱল্ড নামৰ ৰাষ্ট্ৰীয় চেনেলটোত সম্প্ৰচাৰ হৈছিল। ইয়াৰ পাছতে মহকুমা আৰক্ষী বিষয়াজনক শাস্তিমূলক বদলি দিয়া হৈছিল। উক্ত বাতৰিৰ প্ৰতিবেদনৰ সৈতে সন্দীপ শৰ্মাৰ যোগসূত্ৰ আছে বুলি সন্দেহ ঘণীভূত হৈছে। বিন্ধ জিলাৰ আৰক্ষী সঞ্চালক প্ৰশান্ত খাৰেই জানিবলৈ দিয়ে যে ডাম্পাৰখন জব্দ কৰিছে যদিও চালকজনক গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

বিন্ধ প্ৰেছ ক্লাবৰ সভাপতি সত্যনাৰায়ণ শৰ্মাই এই মৃত্যুৰ ঘটনা আতি ৰহস্যজনক বুলি মন্তব্য কৰিছে। আনহাতে ঘটনা টোকটাৱলী আৰক্ষী থানাৰ সমীপতে সংঘটিত হ'লেও ঘটনাস্থলীত আৰক্ষী উপস্থিত হ'বলৈ ১৫ৰ পৰা ২০ মিনিট লোৱা কাৰ্যকো স্থানীয় লোকে সহজভাৱে ল'ব পৰা নাই।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘটনাটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দোষীৰ বিৰোদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছে।