newsnextone.com | ডিজিটেল ডেস্কঃ মাৰ্কিন সেনাৰ ড্ৰোণ আক্ৰমণত পাকিস্তানী তালিবান নেতা ফজলুল্লাহ নামৰ সন্ত্ৰাসবাদীজন নিহত হোৱাৰ বাতৰি প্ৰকাশ হৈছে৷ আমেৰিকা চৰকাৰ দ্বাৰা অনুমোদিত ভইচ অৱ আমেৰিকা নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে শুকুৰবাৰে এই কথা নিশ্চিত কৰে৷ উল্লেখ্য যে, ফজলুল্লাহে মালালা ইউচুফজাইক এবাৰ হত্যাৰ চেষ্টা জলাইছিল বুলি জানিব পৰা যায়৷
মাৰ্কিন সেনাৰ ড্ৰোণ আক্ৰমণত নিহত অজ্ঞাত পৰিচিত ব্যক্তি এগৰাকীৰ বিষয়ে উল্লেখ কৰি এগৰাকী মাৰ্কিন সেনা বিষয়াই কয় যে বুধবাৰে নিশা ফজলুল্লাহক টাৰ্গেট কৰি আক্ৰমণ চলোৱা হয়৷ মাৰ্কিন সেনা বিষয়াগৰাকীয়ে জনোৱা মতে, তেহৰিক-ই-তালিবান পাকিস্তানৰ প্ৰধান ফজলুল্লাহ ‘মুল্লাহ ৰেডিঅ’’ নামেৰেও পৰিচিত৷
মাৰ্কিন সেনা বাহিনী আৰু আফগানিস্তানৰ মুখপাত্ৰ মাৰ্টিন অ’ডনেলে জনায়, ‘আফগানিস্তান আৰু পাকিস্তানৰ সীমান্তৰ কুনাৰ প্ৰদেশত যোৱা ১৩ জুনত আমেৰিকাই এক সন্ত্ৰাসবিৰোধী অভিযান চলায়৷ এটা কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰ এজন শীৰ্ষ নেতাক লক্ষ্য কৰি আমেৰিকা সেনাই ড্ৰোণ আক্ৰমণ চলায়৷’ কিন্তু মাৰ্কিন সেনাই ফজলুল্লাহকে টাৰ্গেট কৰিছিল নে আন কোনো সন্ত্ৰাসবাদীক, সেই কথা অৱশ্যে মাৰ্টিন অ’ডনেলে স্পষ্ট কৰা নাই৷
উল্লেখ্য যে, ফজলুল্লাহ নামৰ কুখ্যাত সন্ত্ৰাসবাদীজন আমেৰিকাৰ ড্ৰোণ আক্ৰমণত নিহত হৈছিল বুলি পূৰ্বতেও বহুবাৰ ভুৱা বাতৰি প্ৰচাৰ হৈ আহিছে৷ ২০১০ চনৰ পৰা এই পৰ্যন্ত ৪ বাৰ সন্ত্ৰাসবাদীজন নিহত হোৱাৰ বাতৰি প্ৰচাৰ হৈছে৷ এই বিষয়ে ৱাচিংটন ডিচিৰ শীৰ্ষ বিষয়া মাইকেল কুগেলম্যানে কয় যে পূৰ্বৰ দৰে এইবাৰো ফজলুল্লাহ নিহত হোৱাৰ বাতৰি ভুৱা হ’ব পাৰে৷
ইফালে, আমৰিকাই দাবী কৰিছে যে, ২০১২ চনত কিশোৰী মালালাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ফজলুল্লাহে৷ সেই সময়ত মালালাই স্কুললৈ যোৱাৰ পৰত স্কুল বাছ আবদ্ধ কৰি মালালাক লক্ষ্য কৰি গুলী চলাইছিল তালিবান সন্ত্ৰাসবাদী জনে৷ কিন্তু সৌভাগ্যবশতঃ সেই আক্ৰমণৰ পৰা মালালা ৰক্ষা পৰিছিল৷