গুৱাহাটীঃ ঐতিহ্য সংৰক্ষণ সমিতিয়ে খেলুৱৈ-শিশুপ্ৰেমী ‘শিশুপ্ৰাণ’ নবীন শৰ্মাৰ পূণ্য স্মৃতি উপলক্ষে প্ৰথম বাৰ্ষিক ‘নবীন-তন-মন-বিকাশ দিৱস’ অাৰু নবীন-তন-মন বিকাশ যোজনাৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত বিশিষ্ট বক্তা হিচাপে উপষ্ঠিত থাকে লেখিকা নিৰুপমা বৰগোহাঞি আৰু হিমাংশু শেখৰ দাস।

শিশুৰ শাৰিৰীক, মানসিক উৎকৰ্ষ সাধনৰ বাবে থলুৱা পৰম্পৰাগত খেল ধেমালি, মাটি অাখৰা, সংগীত ব্যায়াম চৰ্চা কৰোৱাৰ বাবে নবীন তন-মন-বিকাশ যোজনাৰ মুকলি কৰে অনুষ্ঠানটোত।

শাৰিৰীক অাৰু মানসিকভাবে মানুহ মানুহ সবল অাৰু সুস্থ হৈ থাকিলেহে সুস্থ সমাজ গঢ় লয় বুলি কয় বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী৷ স্বনামধন্য খেলুৱৈ অাৰু শিশুপ্ৰেমী নবীন শৰ্মাৰ জীৱনৰ স্মৃতি ৰোমন্থন কৰি ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীয়ে শাৰিৰীক অাৰু মানসিক উৎকৰ্ষ সাধনৰ জৰিয়তে সকলো বাধা নেওচি জীৱন সুন্দৰভাৱে উদযাপন কৰিব পাৰি বুলি কয়।

ছা্ত্ৰ-ছাত্ৰীসকলৰ মানসিক উৎকৰ্ষ সাধন কৰি এজন সুস্থ নাগৰিক হিচাপে গঢ় দিয়া আৰু শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক অাগ্ৰহী কৰাৰ উদ্দেশ্যে নবীন-তন-মন বিকাশ যোজনা হাতত লোৱা বুলি কয় লেখিকা নিৰুপমা বৰগোহাঞিয়ে৷