নগাঁওঃ যি সময়ত ৰাজ্যৰ চৌদিশে এক দুষ্ট চক্ৰই বন্য পশু-পক্ষী হত্যা কৰি ইয়াৰ মাংস, ছাল, দাঁত, নখ, হাড় আদিৰ চোৰাং ব্যৱসায় চলাই আহিছে ঠিক তেনে সময়তে নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ নতুন খাটোৱালত স্বাস্থ্য বিভাগত কৰ্মৰত প্ৰকৃতি প্ৰেমী যুৱক তথা সাংবাদিক কল্যাণ কুমাৰ বৰাৰ তৎপৰতাত এটি দুস্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণী মৃত্যুৰ মুখৰপৰা ৰক্ষা পৰে। 

জানিব পৰা মতে, বৰাৰ মাতৃ জুনুবালা বৰাই ঘৰৰ পাছফালৰ বাঁহনিৰ এটা দ গাঁতত স্থানীয় লোকে মেছেকা বা গুৱানেজীয়া বুলি কোৱা এটা বন্যপ্ৰাণী আঘাতপ্ৰাপ্ত অৱস্থাত থকাৰ কথা পুত্ৰক অৱগত কৰে। লগে লগে কল্যাণ বৰাই মিন্টু বৰা, কন্টি বৰা আৰু জ্যোতিপ্ৰসাদ বৰাৰ নামৰ তিনি যুৱকৰ সহযোগত অতি দুৰ্বল আৰু আঘাতপ্ৰাপ্ত অৱস্থাত থকা বন্যপ্ৰাণীটোক নিজ গৃহলৈ লৈ আনি প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ লগতে প্ৰকৃতিপ্ৰেমী সংগঠন গ্ৰীণ গাৰ্ডক খবৰ দিয়ে। 

এখন ভৰি ভঙা মুমুৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা বন্যপ্ৰানীটোক বৰাই ধিঙৰ প্ৰকৃতিপ্ৰেমী যুৱক লিটন দেবনাথৰ পৰামৰ্শ মতে ঘৰতে দিনটো শুশ্ৰূষা কৰি ৰাখে। পিছত গ্ৰীণ গাৰ্ডৰ কৰ্মকৰ্তা তথা বৰ্তমানলৈকে কেইবা হাজাৰো বন্যপ্ৰাণীক উদ্ধাৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দুলু বৰা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী তথা সাংবাদিকজনৰ গৃহত উপস্থিত হৈ আঘাতপ্ৰাপ্ত প্ৰাণীটোক বনাঞ্চলত এৰি দিবৰ বাবে নিজৰ জিম্মাত চমজি লয়৷ বৰ্তমান বন্যপ্ৰাণীটো গ্ৰীণগাৰ্ডৰ অধীনত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।