নগাঁওঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আয়োজিত ব’হাগী উৎসৱত বিহু দলসমূহে প্ৰদৰ্শন কৰা সময় আৰু দায়িত্বজ্ঞানহীনতাক লৈ নগঞা সংস্কৃতিপ্ৰেমী ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ বিপৰীতে সচেতন লোকসকলক ক্ষোভিত কৰি তুলিছে ৷ প্ৰাপ্ত খবৰ মতে, ব’হাগ মাহৰ বিগত দিনকেইটাত জিলাখনৰ ভিন্ন প্ৰান্তত পৃথকে পৃথকে অনুষ্ঠিত হোৱা ব’হাগী উৎসৱত নানা কাৰ্যসূচীৰ লগতে ব’হাগী উৎসৱৰ লগত সংগতি ৰাখি উদযাপন সমিতিবোৰে সন্ধিয়াৰে পৰা আয়োজন কৰিছিল বিহুকুঁৱৰী আৰু বিহুকন্যা প্ৰতিযোগিতা।
সেয়ে বিভিন্ন প্ৰান্তৰ বিহু দলবোৰৰ বিহু নৃত্য উপভোগ কৰিবৰ বাবে দৰ্শকসকলে সন্ধিয়াৰে পৰা বিহুতলীবোৰত ভিৰ কৰে যদিও দলসমূহে কিন্তু আশ্চৰ্যজনকভাৱে নিশা দুই বজালৈকে উপস্থিত নোহোৱাত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা যায় ৷
বৃহৎ পৰিমাণৰ নগদ ধন আৰু বঁটা আদি পুৰস্কাৰ হিচাপে প্ৰদানৰ ব্যৱস্থাৰে আয়োজিত এই প্ৰতিযোগিতাত বহু বিহু দলৰ পৰা অংশগ্ৰহণৰ প্ৰতিশ্ৰুতি উদ্যোক্তা সমিতিবোৰে আগতীয়াকৈ আদায় কৰি লোৱাৰ হেতু বিহু নৃত্য প্ৰতিযোগিতাৰ বাদে আন কোনো ধৰণৰ কাৰ্যসূচী নিশাৰ ভাগত ৰখা হোৱা নাছিল ৷ কাজেই, বিহু দলবোৰৰ এনে কৰ্মকাণ্ডত স্বাভাৱিকতেই আয়োজক সমিতিবোৰ বিপাঙত পৰিবলগীয়া হয় ৷
এনে পৰিস্থিতিত উদযাপন সমিতিবোৰে উপায় নাপাই উপস্থিত দৰ্শকক সন্তুষ্ট কৰিবৰ বাবে ততাতৈয়াকৈ আধুনিক নৃত্য, কৌতুক, মুকাভিনয়, কবিতা আবৃত্তি আদিৰ ব্যৱস্থা কৰিবলৈ বাধ্য হয় ৷ আনকি, কেইবাখনো বিহু মঞ্চত উদযাপন সমিতিৰ বিষয়-ববীয়া আৰু বিচাৰকসকলে বিহুগীত আৰু কৌতুক পৰিৱেশনেৰে সময় পাৰ কৰা বুলিও জানিব পৰা গৈছে ৷
ইফালে, ২ বজাৰ পিছৰে পৰা কিন্তু বিহুতলীবোৰত বিহু দলসমূহ আহিবলৈ ধৰে আৰু পিছদিনা পুৱা পোহৰ নোহোৱালৈকে বিহুনৃত্য প্ৰদৰ্শন কৰে ৷ সেয়ে, বিহুদলবোৰৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যত দৰ্শক ৰাইজ ক্ষোভিত হৈ পৰাৰ লগতে ভৱিষ্যতে সময়ৰ প্ৰতি ধ্যান দি প্ৰতিযোগিতাত ভাগ ল’বলৈ দলসমূহক ক্ষোভিত সংস্কৃতিপ্ৰেমী ৰাইজ তথা সচেতনমহলে সকীয়াই দিছে ৷