নগাঁওঃ আগন্তক ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষ উপলক্ষে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু সদৌ অসম গ্ৰাম্য পুঁথিভড়াল সন্থাৰ সহযোগত সন্থাৰ বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ মাজত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ 

উক্ত সজাগতা সভাত বৃদ্ধাশ্ৰমৰ আৱাসী সকলক একোখনকৈ ফুলাম গামোছা আৰু কিছু লঘু আহাৰ বিতৰণ কৰে ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে৷ তদুপৰি বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ মাজত এটি বিনামূলীয়া স্বাস্থ্য সজাগতা শিবিৰো অনুষ্ঠিত কৰা হয়৷ বহু কেইগৰাকী আগশাৰীৰ চিকিৎসকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই শিবিৰত আৱাসীক সকলক প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে তেওঁলোকক যাবতীয় ঔষধ-পাতি বিনামূলীয়াকৈ যোগান ধৰা হয়৷

এই অনুষ্ঠানত ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা ৰূপালী গোস্বামী সহ গ্ৰাম্য পুথিভড়াঁল সন্থাৰ সমূহ বিষয় ববীয়াৰ লগতে কৰ্মচাৰী আৰু শতাধিক লোক উপস্থিত থাকে৷