♦ ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে ধন লুটৰ ঘটনা
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি নগাঁও চহৰত চিলনী চোৰে সংঘটিত কৰি আহিছে ইটোৰ পিছত সিটো ধন লুটৰ ঘটনা। বিগত কেইবাদিনো ধৰি চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ পাছতো চিলনী চোৰৰ সন্ত্ৰাস ৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে নগাঁও আৰক্ষী।
শেহতীয়াভাৱে নগাঁও চহৰৰ অতি গুৰুত্বপূৰ্ণ তথা অভিজাত অঞ্চল আমোলাপট্টি অঞ্চলত পাঁচটাৰো অধিক এনে ধৰণৰ ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰেও দিনদুপৰতে নগাঁও চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পুৰণা ঘাইপথৰ চলাচল হোটেলৰ সন্মুখত এগৰাকী মহিলাৰপৰা পালছাৰ বাইকত অহা দুজন অচিনাকি দুৰ্বৃত্তই ধনৰ বেগ কাঢ়ি লৈ উধাও হয়।
জানিব পৰা মতে, নগাঁও চহৰৰ পানীগাঁও নিবাসী ববিতা শইকীয়া নামৰ মহিলাগৰাকীয়ে ষ্টেট বেংকৰ নগাঁও শাখাৰপৰা এক লাখ টকা উলিয়াই ৰিক্সাৰে পানীগাঁও চাৰিআলিৰ দিশে আহি আছিল। বেংকৰপৰাই মহিলাগৰাকীক নিৰীক্ষণ কৰি অহা বাইক আৰোহী যুৱক দুজনে নগাঁও চহৰৰ চলাচল হোটেলৰ সন্মুখত মহিলাগৰাকীৰ ধনৰ বেগটো থপিয়াই লৈ দ্ৰুত গতিত গুচি যায়।
আনহাতে, ৰিক্সাত গৈ থকা মহিলাগৰাকীৰ বেগ কাঢ়ি নিয়াৰ ফলত পথৰ ওপৰতে বাগৰি পৰি মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়। ফলত ৰাজপথতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে, মহিলাগৰাকীৰ বেগটোত নগদ ১ লাখ টকাৰ উপৰিও মবাইল ফোন, এটিএম কাৰ্ড আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰ আছিল। মহিলাগৰাকী ব্ৰহ্মপুত্ৰ বৰ্ডৰ নগাঁও কাৰ্যালয়ৰ কৰ্মচাৰী। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত নগাঁও সদৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে।
আৰক্ষীয়ে আজিৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে দুস্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে পৰহিও চলাচল হোটেলৰ নিচেই সমীপৰ আমোলাপট্টি শংকৰ মন্দিৰ পথত এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰপৰা ১.৫ লাখ টকা পালছাৰ বাইকত অহা দুৰ্বৃত্তৰ দলে চেষ্টা চলাই যদিও সফল হোৱা নাছিল।
কামপুৰ দেউৰী গাঁৱৰ নৰকান্ত গগৈ নামৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে ষ্টেট বেংকৰ নগাঁও শাখাৰপৰা উক্ত ধনখিন উলিয়াই পত্নী আৰু কন্যাক লগত লৈ খোজকাঢ়ি গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হৈছিল। তদুপৰি আজিৰপৰা তিনিদিনৰ আগতে আমোলাপট্টিৰ গণতন্ত্ৰ প্ৰেছৰ সন্মুখত এগৰাকী মহিলাৰপৰা চেইন টানি নিয়াৰ চেষ্টা চলাইছিল দুৰ্বৃত্তই৷
ফলত মহিলাগৰাকী আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল। নগাঁও চহৰত এনে ধৰনৰ চিলনী চোৰৰ ঘটনা ধাৰাবাহিকভাৱে সংঘটিত হৈ অহাৰ পাছতো নগাঁও আৰক্ষীয়ে শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰাত নগঞা ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে আতংকৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়াত পৰিছে।
কাজেই এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰা দুৰ্বল ভুমিকাকো নগাঁৱৰ সচেতন ৰাইজে কঠোৰ সমালোচনা কৰি নগাঁৱত চিলনী চোৰকে ধৰি নগাঁৱৰ বিভিন্ন ঘটনাৰ লগত জড়িত লোকসকলক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।