জয়ন্ত মুদৈ, নগাঁওঃ বিগত কেইবাদিনো ধৰি নেৰানেপেৰাকৈ পৰি থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ, কপিলি, বৰাপানীকে ধৰি বিভিন্ন নৈ-উপনৈ ফেনে-ফুটুকাৰে উপচি পৰাত নগাঁও জিলাৰ ঠায়ে ঠায়ে অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ 

জিলাখনৰ চামগুৰি ৰাজহ চক্ৰৰ ৬ খন, ৰহা ৰাজহ চক্ৰৰ ২১ খন আৰু কামপুৰ ৰাজহ চক্ৰৰ ২০ খন গাঁও বানৰ কবলত পৰিছে৷ বানৰ কবলত পৰা গাঁওসমূহ হৈছে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ১নং, ২নং আৰু ৪নং ভূৰবন্ধা আৰু ৪নং,৫নং আৰু ৬নং ভগামুখ৷ 

ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত বান কবলিত গাঁওসমূহ হৈছে হাতীমুৰা, হুগালতলী, কজলাজান, নাম ৰঙাগড়া, জাকুৰা বিল, পহুপুৰখাইটি, ধেমাজি, কটহগুৰি, গান্ধীবড়ি, কহিগুৰি, ৰামজাংআটি, চেঙাজান, নিজৰাবাৰী, দীঘলদৰী, খাইগড়, দেওবালি, মাগুৰগাঁও, কাকতীগাঁও, ডাঙৰীবিল, আমতলা আৰু ডাঙৰী৷ 

কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বানৰ কবলত পৰা গাঁওবোৰ হৈছে লংজাপ, জুৰিপাৰ, শিলডুবি, আমডুবি, বৰবিল, ফাকলি, বালিচৰা, হাতীখুঁটি, উজানমাৰি, শোণাৰুগুৰি, বিৰিংগতি, ৰমণীপথাৰ, মাধৱপাৰা, ১নং খলিহামাৰি, গৰুবন্ধা, মাইকলং, শিমলুগুৰি, মাইচাম আৰু খাৰুপিন্ধা৷ 

ইফালে, নেৰানেপেৰা বৰষুণ আৰু কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পাঁচখনকৈ গেটেৰে পানী এৰি দিয়াৰ ফলত ভায়াৱহ ৰূপ ধাৰণ কৰা বৰাপানী নৈৰ বাঢ়নী পানীৰ প্ৰবল সোঁতে ইতিমধ্যে ভাঙি পেলাইছে কামপুৰ কচুৱাৰ হাতীখুঁটিৰ মথাউৰিটো৷ 

জানিব পৰা মতে, এই মথাউৰিটোৰ প্ৰায় ৬০ মিটাৰ খহাই নিছে বাঢ়নী পানীৰ তীব্ৰ বেগী সোঁতে৷ এনেদৰে মথাউৰিটো ভাঙি নিয়াৰ হেতু প্ৰায় ৬/৭ খন গাঁৱৰ মাজত জন সংযোগ একপ্ৰকাৰে বিচ্ছিন্ন হোৱাৰ উপক্ৰম ঘটিছে৷ ইয়াৰ বিপৰীতে বানৰ কবলত পৰিছে জিলাখনৰ কেইবাটাও গড়কাপ্তানী পথ৷ কামপুৰৰ মাধৱপাৰা-জুৰিপাৰ সংযোগী গড়কাপ্তানী পথ, বৰাপানী বাগানৰপৰা পণ্ডিতঘাট সংযোগী পথ, জাৰণী পথৰ পৰা বগলাজান সংযোগী পথ, চামগুৰিৰ লাওখোৱাৰপৰা ৫নং ভগামুখ সংযোগী পথ, নিজ লাওখোৱাৰপৰা ৭নং ভগামুখ সংযোগী পথ বানপানীয়ে বুৰাই পেলাইছে৷ 

ফলত এই পথসমূহেৰে ব্যাহত হৈ পৰিছে যাতায়াত৷ তদুপৰি জিলাখনৰ মুঠ ৫৯৫ হেক্টৰ কৃষিভূমি আহাৰৰ এই বানৰ কবলত পৰিছে৷ ঠায়ে ঠায়ে বিনষ্ট হৈ পৰিছে শালিধান, মৰাপাট আৰু বিভিন্ন শাক-পাচলিৰ খেতি৷