জয়ন্ত মুদৈ, নগাঁওঃ যিটো সময়ত অসমীয়া চিনেমাই দৰ্শকৰ অভাৱত সংকটজনক পৰিস্থিতিৰ মুখামুখি হোৱা বুলি চৰ্চিত হৈ আহিছে, ঠিক তেনে সময়তে নগাঁও জিলাৰ ধিং অঞ্চলৰ কেইজনমান উদ্যমী সাংস্কৃতিক কৰ্মীৰ প্ৰচেষ্টাত জন্ম লাভ কৰা 'সম্প্ৰীতি-এক মননশীল অনুৰণন' নামৰ এটি সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত ধিং মহাবিদ্যালয় প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা 'কানীন' ছবিখন প্ৰদৰ্শন কৰা হয়৷ 

বিশিষ্ট ঔপন্যাসিক ড° ৰীতা চৌধুৰীৰ 'ৰাজীৱ ঈশ্বৰ' নামৰ উপন্যাসখনৰ আধাৰত উদীয়মান পৰিচালক মঞ্জুল বৰুৱাৰ সুদক্ষ পৰিচালনাত নিৰ্মিত কানীনৰ বিশেষ প্ৰদৰ্শনীটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ধিং মহাবিদ্যালয় অধ্যক্ষ ড° শৰৎ কুমাৰ দত্তই৷ প্ৰকাশ যে, নগাঁও জিলাৰ উত্তৰ-পশ্চিমাঞ্চলত পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় পৰ্যায়ত চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা এখন বোলছবি প্ৰদৰ্শনৰ লগতে উক্ত ছবিখনৰ পৰিচালক, চিত্ৰ নাট্যকাৰ মঞ্জুল বৰুৱা, ছবিখনৰ সহযোগী প্ৰযোজক তথা মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী ডাঃ জাহানাৰ বেগম প্ৰদৰ্শনীস্থলীত উপস্থিত থাকি দৰ্শসকলৰ লগতে সাংস্কৃতিক সমাজক উৎফুল্লিত কৰি তোলে৷ 

ইফালে, প্ৰায় দুই শতাধিক দৰ্শকৰ উপস্থিতিত ছবিখন প্ৰদৰ্শিত হোৱাৰ পূৰ্বে সম্প্ৰীতিৰ অন্যতম আহ্বায়িকা তথা আবৃত্তিকাৰ সংগীতা হাজৰিকাৰ কবি নীলমনি ফুকনৰ 'একেখন ঘৰতে আছিল দুঘৰ মানুহ' শীৰ্ষক কবিতাটিৰ এটি ভিডিঅ’ আনুষ্ঠানিকভাবে উন্মোচন কৰে ডাঃ জাহানাৰা বেগমে৷ অনুষ্ঠানটিৰ আহ্বায়ক ড° বিমান হাজৰিকা, প্ৰফুল্ল বৰা আৰু সংগীতা হাজৰিকাই আঁত ধৰা উক্ত অনুষ্ঠানত 'সম্প্ৰীতি-এক মননশীল অনুৰণন'ৰ তৰফৰপৰা ছবিখনৰ পৰিচালক মঞ্জুল বৰুৱা, অভিনেত্ৰী ডাঃ জাহানাৰা বেগম, অভিনেতা তপন বেনাৰ্জী, প্ৰডাক্টচ’ন ডিজাইনাৰ হিমেন বৰাক ধিংবাসীৰ হৈ বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়৷ 

আনহাতে, নগাঁও জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি নিত্যানন্দ বৰা, ধিং শাখা সাহিত্য সভাৰ সম্পাদক মৃগাংক বৰা, সাংস্কৃতিক সম্পাদিকা গীতুমনি বৰা, 'আকাশ'ৰ সভানেত্ৰী ড° পূৰ্ণিমা দাস, ধিং আছুৰ সভাপতি নৱজ্যোতি শইকীয়াকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট নাগৰিক উপস্থিত থকা এই অনুষ্ঠানতে পোনপটীয়াকৈ ছবিখনৰ পৰিচালক, অভিনেতা-অভিনেত্ৰী আৰু কলা-কুঁশলীসকলৰ সৈতে দৰ্শকৰ এক অন্তৰংগ আলাপৰ ব্যৱস্থা কৰে উদ্যোক্তাসকলে৷ সম্প্ৰীতিৰ এই ব্যতিক্ৰমী পদক্ষেপক সকলোয়ে প্ৰশংসা কৰিছে৷