জয়ন্ত মুদৈ, নগাঁওঃ ‘সাহিত্য সৃষ্টি কৰিবলৈ আগ্ৰহী ব্যক্তিয়ে নিজৰ সৃষ্টিৰ মাজত শৈল্পিক আৰু বৌদ্ধিক উপাদান সন্নিবিষ্ট কৰিব লাগিব, তেতিয়াহে সেই সৃষ্টিয়ে সাহিত্য হিচাপে স্বীকৃত হ’ব। অসমীয়া সাহিত্যই বিশ্বত স্বীকৃতি পাবলৈ হ’লে আমাৰ সাহিত্যিকসকলে নিজৰ সৃষ্টিত বিশ্বজনীনতা প্ৰতিফলিত কৰিব লাগিব। তেনে বিশ্বজনীনতা শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যকৃতিত আছিল।’ —এই মন্তব্য অধ্যাপক তথা গৱেষক ডঃ সঞ্জীৱ কুমাৰ বৰকাকতিৰ।
নগাঁৱৰ সাহিত্য-সংষ্কৃতিৰ অন্যতম অনুষ্ঠান কলংপৰীয়া আলোচনা-চক্ৰৰ ৫৬ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে বিশিষ্ট গৱেষকগৰাকীয়ে।
কলংপৰীয়া আলোচনা-চক্ৰৰ সভাপতি নৱকান্ত লিগিৰাৰ পৌৰহিত্যত নগাঁৱৰ শ্বহীদ ভৱনত দেওবাৰে অনুষ্ঠিত হোৱা চক্ৰৰ কলংপৰীয়া সাহিত্য বঁটা প্ৰদানৰ অনুষ্ঠানত কলংপৰীয়া সাহিত্য বঁটা বিশিষ্টা লেখিকা আভা বৰাই গ্ৰহণ কৰি উল্লাসিত মনৰে উক্ত বঁটাই আনন্দ আৰু স্বীকৃতি দিয়া বুলি মত প্ৰকাশ কৰি সমাজৰ বাবে বৰ্তমান বেছি দায়বদ্ধ কৰি তোলাৰ কথা ব্যক্ত কৰে।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক তথা গৱেষক ডঃ নৰেন কলিতাই সাহিত্য সম্পৰ্কীয় তত্বগধুৰ বক্তব্য প্ৰদান কৰে। যুৱ সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা অধিৱেশনখনিত চক্ৰৰ বাৰ্ষিক মুখপত্ৰ কলংজ্যোতি উন্মোচন কৰি ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই গৰ্ভস্থ সন্তানৰ ভূমিস্থৰ আনন্দই আমাক যেনেকৈ উন্মনা কৰে, ঠিক একেদৰেই সাহিত্যৰ সৃষ্টিয়েও আমাৰ মনত আনন্দ দান কৰে বুলি কয়।
শৈক্ষিক ক্ষেত্ৰখনক আগুৱাই নি বৌদ্ধিক ক্ষেত্ৰখনক উজলাই তুলিব পৰাকৈ বৌদ্ধিক আৰু শৈক্ষিক ক্ষেত্ৰ যে এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি সেই বিষয়ে বিশ্লেষণাত্মক মন্তব্য আগবঢ়ায়। কলংপৰীয়া আলোচনা-চক্ৰৰ সম্পাদক ঘনশ্যাম জইছিয়ে উদ্দেশ্যে ব্যাখ্যা কৰা অনুষ্ঠানটিত মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা তিৱা জনগোষ্ঠীৰ প্ৰসিদ্ধ সাহিত্যিক মিলেশ্বৰ পাতৰে লেখিকা অৰ্পণা গোস্বামীৰ লিমাৰিক শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে।
কলংপৰীয়া আলোচনা-চক্ৰৰ এই অধিৱেশনত অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিমল চন্দ্ৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক ভাৰত চন্দ্ৰ নাথ, ক্ৰীড়া সংগঠক শচীন্দ্ৰ দেৱ মহন্ত, অধ্যাপক ঘনকান্ত শইকীয়া, সমাজনেত্ৰী নাজমা চুলতানা, সমাজকৰ্মী বিচিত্ৰ নাৰায়ন বৰা, ভবেন বৰা, অপৰা ফুকন , ৰুমু বেগম, ৰুকিয়া চুলতানা আহমেদ, কবি প্ৰদীপ শইকীয়া, দীপ্তি বৰা, অঞ্জলি মহন্ত, কুমকুম বৰা, সাংবাদিক জ্যোতিপ্ৰসাদ বৰা, বিশ্বজিৎ দাস আদিকে ধৰি শতাধিক সাহিত্যানুৰাগীয়ে অংশ লোৱা অনুষ্ঠানটিৰ আৰম্ভণিতে জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা বীৰ জোৱান সকলৰ উপৰিও জ্ঞাত-অজ্ঞাতে পৰলোকলৈ গমন কৰা বিশিষ্ট লোকসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।
উল্লেখ্য যে, আজি প্ৰদান কৰা কলংপৰীয়া সাহিত্য বঁটাত নগদ ধনৰ উপৰিও শৰাই, অভিনন্দন পত্ৰ, অংগবস্ত্ৰ, গামোচা আৰু কিতাপৰ টোপোলা বিশিষ্টা লেখিকা আভা বৰাক প্ৰদান কৰা হয়। শেষত জাতীয় সংগীত পৰিৱেশনৰে সভাৰ সামৰণি ঘোষণা কৰা হয়।