♦ অসাধু ব্যৱসায়ীৰ হাতৰ মুঠিত আবকাৰী-আৰক্ষী

জয়ন্ত মুদৈ, নগাঁওঃ উৎসৱ বুলিলেই সাধাৰণতে অধিক পয়োভৰ ঘটে সুৰাৰ৷ ইয়াৰ অচিলা লৈ উৎসৱৰ বতৰত একাংশ অসাধু সুৰা ব্যৱসায়ীয়ে অতি নিম্নমানৰ বিলাতী সুৰাৰ ৰমৰমীয়া বজাৰ গঢ়ি তুলি অধিক মুনাফা অৰ্জন কৰাৰ বিপৰীতে নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে৷

তদ্ৰুপ এইবাৰো সম্প্ৰতি ৰঙালী বিহুৰ আনন্দ-উছাহৰ গইনা লৈ নগাঁও জিলাত এক অসাধু চক্ৰই তেনে অবৈধ ব্যৱসায় শক্তিশালী নেটৱৰ্ক গঠনেৰে অবাধে চলাই থকা বুলি জানিব পৰা গৈছে৷

অনুসন্ধান কৰি পোৱা তথ্য মতে, জিলাখনৰ পশ্চিম প্ৰান্তৰ গ্ৰামাঞ্চলত অনুজ্ঞাপত্ৰ থকা বিলাতী সুৰাৰ বিপণী নথকাৰ সুযোগ গ্ৰহণ কৰি সম্প্ৰতি অসাধু চক্ৰই অতি কৌশলেৰে উক্ত গ্ৰামাঞ্চলৰ সৰ্বপ্ৰান্ততে সস্তীয়া বিলাতী সুৰাৰ বৃহৎ বজাৰ গঢ়ি তুলিছে৷

সুচতুৰ এই অসাধু চক্ৰটোয়ে আনকি আবকাৰী বিভাগ আৰু আৰক্ষীৰ লগত গোপন সমিলমিলেৰে এই ব্যৱসায় গঢ়ি তোলাৰ পৰিপ্ৰেক্ষিতত এই বজাৰখনৰপৰা ৰাজহো হেৰুৱাবলগীয়া হৈছে আবকাৰী বিভাগ তথা ৰাজ্য চৰকাৰে৷

জানিব পৰা মতে, নগাঁও চহৰৰ এখন ৱাইনশ্ব’পৰ স্বত্বাধিকাৰীয়ে আবকাৰী আৰু আৰক্ষীৰ শীৰ্ষ মহলক মেনেজ কৰি হেলাৰঙে গঢ়ি তোলা এই বজাৰখনৰ জৰিয়তে পশ্চিম নগাঁৱৰ গ্ৰামাঞ্চলবোৰৰ চুকে-কোণে প্ৰতি সপ্তাহত কেইবা লাখ টকাৰ বিলাতী সুৰা অবৈধভাৱে বিক্ৰী হৈ আহিছে৷

আনকি এই বজাৰখনৰদ্বাৰা অধিক মুনাফা লাভৰ স্বাৰ্থত সস্তীয়া তথা ভেজালকৃত সুৰা বাধাহীনভাৱে বিক্ৰী কৰি অহাত তেনে সুৰা সেৱন কৰি বিগত সময়ছোৱাত বহু যুৱক গুৰুত্বৰভাৱে অসুস্থ হ’বলগীয়া হৈছে৷

কাৰণ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক সুৰা যদি আকৌ ভেজাল হয় তেন্তে ইয়াৰ পৰিণাম কি হ’ব পাৰে সেয়া সহজেই অনুমেয়৷ আনহাতে, একমাত্ৰ ব্যৱসায়িক স্বাৰ্থতে সকলো নীতি-নিয়ম পৰিহাৰ কৰি অসাধু চক্ৰটোৱে গ্ৰামাঞ্চলৰ একাংশ এজেন্টক তেনে বিলাতী সুৰা অতি নিম্ন দৰত যোগান ধৰে আৰু ধুৰন্ধৰ এজেন্টবোৰে পুনৰ পাইকাৰী দৰত উক্ত গ্ৰামাঞ্চলৰ বিভিন্ন প্ৰান্তৰ কিছুমান সৰু-সুৰা ব্যৱসায় চলাই থকা লোকক সেইবোৰ বিক্ৰী কৰে৷

মূলতঃ এবটল সুৰা তিনিবাৰ বেলেগ বেলেগ পাইকাৰী দামত বিক্ৰী হয়৷ প্ৰকাশ কৰাটো উচিৎ যে, যি সময়ত এখন অনুজ্ঞাপত্ৰ থকা সুৰা দোকানে ১২০ টকা দামৰ এটা সুৰাৰ বটল ১১০ টকাৰ কমত দিব নোৱাৰে, সেই ব্যৱসায়ীয়ে আকৌ একেটা ব্ৰেণ্ডৰ সুৰাৰ বটল এটা কেনেকৈ পাইকাৰী দামত তিনিবাৰকৈ বিক্ৰী কৰে! এই কথাৰপৰাই অনুমান কৰিব পাৰি এই সুৰা কিমান নিম্নমানৰ আৰু ভেজালকৃত তথা বিষাক্ত!

বৰ্তমান এনে ভেজাল আৰু নিম্নমানৰ বিলাতী সুৰা নগাঁৱৰ গ্ৰামাঞ্চলবোৰত অসাধু ব্যৱসায়ী চক্ৰই ৰঙালী বিহুৰ উৎসৱমুখৰ পৰিৱেশৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰি বৃহৎ পৰিমাণত মজুত কৰি ৰমৰমীয়াকৈ অবৈধ বেহা চলাই থকা বুলি জানিব পৰা গৈছে৷

সেয়ে সুৰাৰ নামত এনে বৰবিষ সদৃশ বিলাতী সুৰাৰ বৃহৎ সাম্ৰাজ্য অবাধে গঢ়ি তোলা এই অসাধু ব্যৱসায়ী চক্ৰটোক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰতম শাস্তি প্ৰদান কৰাৰ লগতে নৱপ্ৰজন্মক ধ্বংসৰ কৰাল গ্ৰাসৰপৰা উদ্ধাৰ কৰিবলৈ জিলা উপায়ুক্তক দাবী জনাইছে নগাঁৱৰ সচেতন লোকসকলে৷