নগাঁওঃ নগাঁৱৰ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদালৈ আগবঢ়োৱা হৈছে 'বীৰ মহাৰাণা প্ৰতাপ সিংহ সমাজ ভূষণ বঁটা'৷
সমাজলৈ আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে মহাৰাষ্ট্ৰৰ 'মনশান্তি সেৱাভাষী সংস্থা' নামৰ অনুষ্ঠানটোৱে এই বঁটাটিৰ বাবে নিৰ্বাচিত কৰে বিধায়কগৰাকীক ৷
মহাৰাষ্ট্ৰত অলপতে অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় বহুজন সাহিত্যকাৰ সন্মিলনত এই সন্মানীয় বঁটাটি বিধায়ক হুদাক আনুষ্ঠানিকভাবে প্ৰদান কৰে মহাৰাষ্ট্ৰৰ ডেপুটি চেয়াৰমেন মাণিক ৰাওঁ থাকৰেই ৷
বিধায়কগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বঁটা লাভ কৰাৰ বাতৰি পাই উৎফুল্লিত হৈ পৰিছে সমষ্টিবাসী ৰাইজ।