♦ বদলিৰ পিছতো জিআৰএছক ৰক্ষণাবেক্ষণ খণ্ড উন্নয়ণ বিষয়াৰ

জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও আৰু মৰিগাঁও জিলা সংলগ্ন মৈৰাবাৰী উন্নয়ণ খণ্ডত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ নামত আবন্টিত চৰকাৰী পুঁজিৰ ব্যাপক লুণ্ঠনৰাজ চলি থকাৰ গুৰুতৰ অভিযোগ উঠিছে৷

বিশেষকৈ উন্নয়ণ খণ্ডটোত কৰ্মৰত খণ্ড উন্নয়ণ বিষয়াজনে ঠিকাভিত্তিক কৰ্মৰত গ্ৰাম ৰোজগাৰ সহায়ক চমুকৈ জিআৰএছসকলৰ প্ৰত্যক্ষ সহযোগত বিভিন্ন পঞ্চায়তত চৰকাৰী নীতে-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি অব্যাহত ৰাখিছে দুৰ্নীতি-অনিয়মৰ মুকলি বেহা৷

আনকি দুৰ্নীতিপৰায়ণ খণ্ড উন্নয়ণ বিষয়াজনে একাংশ জিআৰএছক বদলিৰ পাছতো নিজ স্বাৰ্থ পূৰণৰ বাবেই পূৰ্বৰ পঞ্চায়ততে বাহাল ৰাখি অতি গোপনে চৰকাৰী পুঁজিৰ হৰলুকি কৰি আহিছে বুলি অভিযোগ উঠিছে৷

কোৱা বাহুল্য মাথোন, চৰকাৰী আঁচনিৰ নামত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পঞ্চায়তত বিগত সময়ছোৱাত বিভিন্ন পুঁজিৰ খেলিমেলিৰে বাতৰিৰ শিৰোনাম দখল কৰি অহা মৈৰাবাৰী উন্নয়ণ খণ্ডৰ অধীনস্থ বিভিন্ন পঞ্চায়তত কৰ্মৰত দুৰ্নীতিগ্ৰস্ত মুঠ ৫৪ গৰাকী জিআৰএছক যোৱা ২৬ ফেব্ৰুৱাৰীত মেম’ নং এম ডি বি/৯১/ই এছটিটি/২০১৭-২০১৮/২৭৫৬ৰ জৰিয়তে উৰ্ধ্বতন কৰ্তৃপক্ষই বদলিৰ নিৰ্দেশ দিয়ে৷

কিন্তু আশ্চৰ্যজনকভাৱে উক্ত উন্নয়ণ খণ্ডৰ লালী পথাৰ, বেছামাৰী, লোচনাবড়ি আৰু গৰিয়াবড়ি পঞ্চায়তলৈ ক্ৰমে মিলন কুমাৰ নাথ, গুলজাৰ হুছেইন, আইনুল হক আৰু মহিবুৰ ৰহমানক বদলি কৰিছে যদিও খণ্ড উন্নয়ণ বিষয়াজনে এইকেইজন দুৰ্নীতিগ্ৰস্ত জিআৰএছক বিগত পোন্ধৰ বছৰে একেৰাহে থকা পঞ্চায়ততে পুনৰ কাম কৰি থাকিবলৈ অবৈধভাৱে অনুমতি প্ৰদান কৰিছে৷

আনকি মহিবুৰ ৰহমান নামৰ জিআৰএছজনে অসম গ্ৰামীণ বিকাশ  বেংকৰ এটা চিএছপি কেন্দ্ৰ ভায়েক জিয়াবুৰ ৰহমানৰ নামত খুলি পঞ্চায়তৰ পঞ্জীয়নভুক্ত হিতাধিকাৰীৰ পুঁজি কৌশলেৰে হৰলুকি কৰাৰ আন এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে৷

ইফালে, খণ্ড উন্নয়ণ বিষয়া আৰু উল্লেখিত জিআৰএছকেইজনৰ সহযোগত চলা দুৰ্নীতিৰ ফলত প্ৰধানমন্ত্ৰী আবাস যোজনা ২০১৮-১৯ বৰ্ষৰ মুঠ ৩৭ জন হিতাধিকাৰীৰ দ্বিতীয় কিস্তিৰ ধনৰাশি মুকলাই দিবলৈ সক্ষম হোৱাই নাই মৈৰাবাৰী উন্নয়ণ খণ্ড কাৰ্যালয়৷ যাৰ ফলত ধনৰ অভাৱত হিতাধিকাৰীৰ ঘৰবোৰ অৰ্ধ নিৰ্মিত অৱস্থাতে থকাত সেইবোৰ এতিয়া জহি-খহি যোৱাৰ উপক্ৰম ঘটিছে বুলি স্বয়ং হিতাধিকাৰীসকলে ক্ষোভ ব্যক্ত কৰিছে৷

সেয়ে মৈৰাবাৰী উন্নয়ণ খণ্ডত সংঘটিত এনে দুৰ্নীতি আৰু অনিয়মৰ এক তাৎক্ষণিক তদন্তৰ দাবী জনাইছে সচেতন মহলে৷