চামগুৰিঃ ৰাজ্যবাসীয়ে ফুটবল বিশ্বকাপৰ উন্মাদনা, T-20 ক্ৰিকেটৰ ৰোমাঞ্ছৰ মাজত আৱদ্ধ হৈ থকাৰ সময়ছোৱাতেই ঘোৰ অমানিশা নামি আহিছে ৰাজ্যৰ ক্ৰীয়া ক্ষেত্ৰত ৷ মহানগৰীৰ একাধিক খেলপথাৰক ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলপথাৰ ৰূপে গঢ়িতোলাৰ সময়তেই গ্ৰাম্যঞ্চলৰ বহুবোৰ খেল পথাৰৰ জৰাজীৰ্ণ আৱস্থায় জীয়াতু ভোগাইছে বহু উদীয়মান খেলুৱৈক৷  

নগাওঁ জিলাৰ চামগুৰি অঞ্চলৰ বাজিয়াগাঁৱ স্থিত নুৰুল হুছেইন ৰাজহুৱা খেলপথাৰ পয়ালগা অৱস্থাই হতাশা নমাই আনিছে অঞ্চলটোৰ স্থানীয় খেলুৱৈ মাজত ৷ বহু কোটি টকা ব্যয় সাপেক্ষে ২০১৪-১৫ বিত্তীয় বৰ্ষত নিৰ্মাণ হোৱা খেলপথাৰ খনৰ নিৰ্মাণ কাৰ্য হৈছিল অতি নিম্ন মানদণ্ডৰ৷ এজাক ধুমুহাতে বাগৰি পৰিছিল বৃহৎ ফ্লাছ লাইট৷ চৌহদৰ পকিবেৰ ভাঙি পৰাত খেলপথাৰ খন পৰিবৰ্তীত হৈ পৰিছে  বিভিন্ন দুস্কৃতিকাৰিৰ অসাধু কাৰ্যকালাপ সংঘটিত কৰাৰ সহজ লভ্য স্থানলৈ ৷

 
গ্ৰাম্যঞ্চলৰ খেলুৱৈৰ প্ৰতিভা বিকাশ আৰু অসমক দেশৰ ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়াৰ কথা সততে কৈ ফুৰা শাসনাধিষ্ট বিজেপি চৰকাৰ খনৰ লগতে স্থানীয় বিধায়ক ৰকিবুল হুছেইনে গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় খেলুৱৈৰ লগতে অঞ্চলটোৰ স্থানীয় লোকসকলে৷