জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ এছ কে বি এল ৰঙ্গমঞ্চত অনুষ্ঠিত হৈ থকা সাতদিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালাখনিৰ বুধবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যতাপূৰ্ণ অনুষ্ঠানেৰে সামৰণি পৰে। 

সন্মিলিত এচ কে বি এল শ্ৰীমন্ত শংকৰ জন্মোৎসৱ উদযাপন সমিতিৰ ব্যৱস্থাপনাত আয়োজন কৰা কৰ্মশালাত নগাঁও আৰু মৰিগাঁও জিলাৰ পৰা অহা দুকুৰিৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাখনত প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে সত্ৰীয়া আৰু কথক নৃত্যৰ বিশাৰদ নগাঁৱৰ প্ৰতিষ্ঠিত নৃত্য শিল্পী নিজৰা ডেকা বৰাই। 

ইফালে, সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে তিনি ঘন্টীয়া এক মনোগ্ৰাহী নৃত্যানুষ্ঠানত নিজৰ নিজৰ দক্ষতা প্ৰদৰ্শন কৰে। বিশেষকৈ শিশু নৃত্য শিল্পী পাৰ্থ সাৰথি বৰাই ৰজাঘৰীয়া চালি নৃত্য পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰি তোলে৷ 

সামৰণি অনুষ্ঠানত এচ কে বি এল শ্ৰীমন্ত শঙ্কৰ জন্মোৎসৱ উদযাপন সমিতিৰ উপদেষ্টা প্ৰমুখ্যে বিষয়ববীয়া আৰু অঞ্চলৰ ভালেকেইজন বিশিষ্ট ব্যক্তিৰ লগতে তিনি শতাধিক লোক উপস্থিত থাকে। কৰ্মশালাখন সফলভাৱে অনুষ্ঠিত কৰাত এচ কে বি এলৰ উপদেষ্টা-বকুল দেউৰী, সম্পাদক ববিন চন্দ্ৰ বৰা, স্থানীয় নৃত্য শিল্পী-  সবিতা দেউৰী আৰু স্বৰ্ণজ্যোতি বৰদলৈয়ে বিশেষ ভাৱে কষ্ট স্বীকাৰ কৰে। এই অনুষ্ঠানতেই অহা আগষ্ট মাহৰপৰা সবিতা দেউৰীৰ তত্বাৱধানত এখন সত্ৰীয়া নৃত্যৰ বিদ্যালয় এচ কে বি এল ৰঙ্গমঞ্চত আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হয়।