নগাঁওঃ গুৰুজনাৰ পবিত্ৰ জন্মস্থান নগাঁও জিলাৰ শ্ৰীশ্ৰী বটদ্ৰৱা থানৰপৰা প্ৰায় ৫ কিল’মিটাৰ নিলগত অৱস্থিত ওপৰ ডুমডুমীয়া সত্ৰৰ ঐতিহাসিক শ্ৰীশ্ৰী বংশীবদন বংশীগোপাল কীৰ্ত্তন ঘৰ (বুঢ়া নামঘৰ)ৰ নৱ নিৰ্মিত ২য় বাৰ্ষিক মণিকুট প্ৰতিষ্ঠা দিৱসটি দুদিনীয়া কাৰ্যসূচীৰে আজিৰেপৰা বেছ ওলহ-মালহেৰে আৰম্ভ হৈছে৷ 

সমগ্ৰ অঞ্চলজুৰি এক আধ্যাত্মিক বাতাবৰণৰ সৃষ্টি হৈছে৷ বিশেষকৈ প্ৰতিঘৰ লোকে নিজা নিজা ঘৰৰ পদুলিত গামোছা আঁৰি ভকত বৈষ্ণৱক আদৰণি জনোৱা দৃষ্টিনন্দন পৰিৱেশে সকলোৰে মনপ্ৰাণ পুলকিত কৰি তুলিছে৷ কাৰ্যসূচী অনুসৰি সত্ৰীয়া ৰীতি-নীতিৰ মাজেৰে পুৱা ধৰ্মধ্বজা উত্তোলন কৰে ওপৰ ডুমডুমীয়া সত্ৰ চাৰি বুঢ়া নৰকান্ত নাথে৷ 

ইয়াৰ পিছতে আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্জ্বলন কৰাৰ অন্তত অঞ্চলৰ ভকত-বৈষ্ণৱসকলৰ সহযোগত আইমাতৃসকলৰ দ্বাৰা নাদসমূহৰ পৰা পানী তোলা পৰ্ব সম্পন্ন কৰা হয়৷ দুপৰীয়া খোল প্ৰসংগৰ পিছতে আৰম্ভ কৰা হয় অখণ্ড ভাগৱত পাঠ৷ ওৰে নিশা অবিৰতভাৱে চলিবলগীয়া এই ভাগৱত পাঠৰ পিছদিনা পুৱাৰ ভাগত সামৰণি পৰাৰ পিছতে খোল প্ৰসংগ, আইসকলৰ নাম, প্ৰভু শ্ৰীৰামৰ প্ৰতিমুৰ্ত্তি প্ৰতিষ্ঠা আদিৰ লগতে দুপৰীয়া ভকতসকলৰ নাম কীৰ্তন অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে৷ 

নিশালৈ অসমৰ বিভিন্ন অঞ্চলৰপৰা আহি বৃহত্তৰ ডুমডুমীয়া অঞ্চলত বসবাস কৰা টে’ট শিক্ষকসকলৰ দ্বাৰা প্ৰদৰ্শিত হ’বলগীয়া অসমীয়া ভাওনাৰ দ্বাৰা প্ৰতিষ্ঠা দিৱসৰ সামৰণি পেলোৱা হ’ব৷