নলবাৰীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানা অন্তৰ্গত খাতিকুছিত নলবাৰী জিলা আৰক্ষী প্ৰশাসনৰ সৌজন্যত গাঁওৰক্ষী সংগঠনৰ সহযোগ সোমবাৰে ঘগ্ৰাপাৰৰ খাতিকুছিস্থিত পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিছাযুক্ত দ্ৰব্য সেৱনৰ ভয়াৱহতা, মানৱ সৰৱৰাহ আৰু এইডচ ৰোগ সংক্ৰমনক সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়।

পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ‍্যক্ষা মঞ্জুৰানী ভূঞাই সঞ্চালনা কৰা সজাগতামুলক সভাৰ উদ্দেশ্য বাখ্যা কৰে ঘগ্ৰাপাৰ থানাৰ চক্ৰ সংগঠক প্ৰদীপ কুমাৰ দাসে। সভাত নলবাৰী জিলাৰ উপ আৰক্ষী অধীক্ষক জুপি বৰদলৈ, খাতিকুছি চি আৰ পি শিবিৰৰ সহঃ অধিনায়ক বিনয় পাল, ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী, খাতিকুছি আদৰ্শ চিকিৎসালয় স্থাস্থ‍্য বিষয়া ডাঃ নয়নজ্যোতি মালাকৰ, নলবাৰী গাঁও ৰক্ষী বাহিনীৰ অবৈতনিক উপদেষ্টা ৰজ্ঞিৎ তালুকদাৰ, শিক্ষক দ্বিজেন শৰ্মা আদিয়ে অংশ লয়৷

উক্ত সভাত ডি এছ পি জুপি বৰদলৈ ভাষনত নিচাযুক্ত দ্ৰব্য, মানৱ সৰৱৰাহ আৰু এইডচ ৰোগৰ ভয়ৱহতা ওপৰত বিতংকৈ বক্তব্য আগবঢ়োৱা লগতে এইসমূহৰপৰা ছাত্ৰ-ছাত্ৰী আঁতৰ থকাৰ লগতে এইসমূহ ৰোধৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানৰ মুৰব্বী, শিক্ষক তথা অভিভাৱক, সমাজক সদায় সজাগ হৈ থাকিবলৈ আহ্বান জনায়। 

উপ-আৰক্ষী অধীক্ষক বৰদলৈয়ে ছাত্র-ছাত্ৰীসকলৰ লগত পোনপটীয়াকৈ মত-বিনিময় ও কৰে। ঘগ্ৰাপাৰ আৰক্ষী থানা আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী নিচাযুক্ত দ্ৰব্য, মানৱ সৰবৰাহ এইডচ ৰোগ একো একোজন ব‍্যক্তিয়ে নিজে জানি বুজি আসক্ত হোৱাৰ লগতে কেতিয়াবা নজনাকৈ সোমাই পৰে।

পিছে এইক্ষেত্ৰত সজাগতা নহ’লে অদূৰ ভৱিষ্যতে কন কন ছাত্র-ছাত্ৰীও এই ব‍্যাধিত আক্ৰান্ত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। তাৰ বাবে আমাৰ সমাজৰ সচেতন ৰাইজে, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীসকল প্ৰতিটো মুহূৰ্ততে সজাগ হ’ব লাগিব। ছাত্ৰ গৰাকীয়ে কি কৰিছে, কি খাইছে আৰু কাৰ লগত সম্পৰ্ক কৰিছে প্ৰতিটো মূহুৰ্ততে নজৰ দিব লাগিব। সভাত ডঃ নয়নজো‍তি মালাকৰে নিচাযুক্ত দ্ৰব্য সেৱন আৰু এইডছ ৰোগ সংক্ৰমনে কি ধৰনে ক্ষতিগ্ৰস্ত কৰিব পাৰে তাৰ ওপৰত বিতংভাৱে বুজাই দিয়ে।

সভা সভাপতিৰ ভাষনত পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মঞ্জুৰানী ভূঞাই কয় যে নিচাযুক্ত দ্ৰব্য ছাত্ৰ-ছাত্ৰীক অন্ধকাৰ দিশে গতি কৰাই, সেয়েহে শিক্ষাৰ্থীসকলে এই দ্ৰব্য সেৱনৰপৰা আঁতৰি থাকিব আহ্বান জনায়। লগতে তেওঁ এই নিচাজাতীয় দ্ৰব্যসমুহ চৰকাৰীভাৱে বন্ধ কৰা আহ্বান জনাই স্থানীয় দোকানসমুহতো বিক্ৰী বন্ধ কৰিবলৈ আহ্বান জনাই। সভাত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক, শিক্ষাৰ্থী, সচেতন ৰাইজকে ধৰি প্ৰায় সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। প্ৰশাসন আজি এই সজাগতামুলক সভাখনে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-সমাজ তথা অঞ্চলৰ ৰাইজ কিছুপৰিমাণে হ’লেও উপকৃত হ’ব বুলি সচেতন ৰাইজে মতপোষণ কৰিছে।