নলবাৰীঃ নলবাৰী জিলাৰ শিশু সংহত কেন্দ্ৰৰ অন্তৰ্গত প্ৰায়বোৰ অংগনাৱাড়ী কেন্দ্ৰত ব্যাপক অনিয়ম-দুৰ্নীতিয়ে গ্ৰাস কৰি পেলাইছে কণ কণ শিশুসকলৰ ভবিষ্যত। বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিত অনিয়ম দুৰ্নীতিত অংগনাৱাড়ী কৰ্মী-সহায়িকাসকলে চৰম সীমা অতিক্ৰম কৰা পৰিলক্ষিত হৈছে।
অংগনাৱাড়ী কেন্দ্ৰসমূহত নাই কোনো পাঠদান। নাই কণ কণ শিশুসকলৰ মধ্যহ্ন ভোজন আহাৰ। যিখিনি চৰকাৰৰপৰা যোগান ধৰা হয়, সকলো কৰ্মী-সহায়িকাসকলে হজম কৰে বুলি ৰাইজে অভিযোগ কৰে৷
চৰকাৰে কণ কণ শিশুসকলৰ নামত আগবঢ়োৱা সা-সামগ্ৰী গো-গ্ৰাসত হজম কৰি কৰি আহিছে অংগনাৱাড়ী কৰ্মী-সহায়িকাসকলে। তাৰ জলন্ত উদাহৰণ পূব বাহঁজানীৰ অৰৰা আৰু ভদ্ৰা গাঁৱৰ অংগনাৱাড়ী কেন্দ্ৰকেইটা উল্লেখযোগ্য।
কেন্দ্ৰসমূহৰ চাকৰিৰ আৰম্ভণিৰপৰা আজিলৈকে বছৰত এসপ্তাহো কণ কণ শিশুসকলক পাঠদান দিয়া আৰু মধ্যহ্ন ভোজন আহাৰ যোগান ধৰা নজিৰ নাই বুলি ৰাইজে অভিযোগ কৰে। ৰাইজে আৰু কয় যে চৰকাৰে অংগনাৱাড়ী চাকৰি দিয়া কৰ্মী-সহায়িকাৰ জৰিয়তে ৰাইজৰ একো উপকাৰ হোৱা নাই, বৰঞ্চ ক্ষতি হোৱা বুলি অভিযোগ উত্থাপন কৰে। এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই কি ব্যৱস্থা গ্ৰহণ কৰে সময়ত লক্ষ্যণীয় হ'ব।