♦ আমি জ্ঞানৰদ্বাৰা পৰিচালিত হ’ব লাগেঃ অধ্যাপক আব্দুৰ ৰৌফ 

হেমন্ত কলিতা, নলবাৰীঃ ''আস্থা, ভাতৃত্ব, বন্ধুত্ব আদি শব্দবোৰ আমাৰ সমাজৰপৰা যেন হেৰাই যাব ধৰিছে৷ আমি জ্ঞানৰদ্বাৰা পৰিচালিত হ’ব লাগে কিন্তু পৰিচালিত হৈছো টকা-পইচাৰ জৰিয়তে৷ মেধাৱী শিক্ষাৰ্থীসকল সমাজৰ প্ৰতি দায়বদ্ধ হোৱা উচিত৷ বৰ্তমান আমাৰ সমাজত ইমান উচ্চশিক্ষিত লোক আছে কিন্তু আমি সমাজখনৰ অৱক্ষয় ৰোধ কৰাত যেন ব্যৰ্থ হৈছোঁ৷’’ এই মন্তব্য কামৰূপ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আব্দুৰ ৰৌফৰ৷

বৃহস্পতিবাৰে নলবাৰী জিলাৰ বাহঁজানীৰ এলেংগীদল-মুগকুছি মছজিদ কমিটীৰ সৌজন্যত অঞ্চলটোৰপৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দনৰ উদ্দেশ্যে আয়োজিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অধ্যাপক ৰৌফে কয়, ''আমি আমাৰ মেধা আৰু প্ৰতিভাক সদায় অৱদমন কৰি ৰাখিছোঁ৷ অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীৰ নম্বৰৰ ওপৰত গুৰুত্ব দি আহিছোঁ কিন্তু তেওঁলোকক স্বাধীনচিতীয়া, নিৰ্ভিক কৰি গঢ়ি তুলিব নোখোজোঁ৷’’ 

বিশিষ্ট সমাজকৰ্মী আলহাজ শ্বেখ ফৰমানউদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা কুতুবউদ্দিন আহমেদ আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজউদ্দিন আহমেদে শৈক্ষিক দিশৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে সাৱলীল ভাষণ দিয়ে৷ সম্বৰ্ধনা সভাখনত সাংবাদিক আব্দুল কাদেৰ আহমেদে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকল নৈতিক শিক্ষাৰে শিক্ষিত হ’ব লাগে বুলি ভাষণ প্ৰসংগত কয়৷ নুৰ মহম্মদ আলীয়ে উদ্দেশ্য বাখ্যা কৰা সভাখনত  উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাণিজ্য শাখাত এইবেলি সপ্তম স্থানপ্ৰাপ্ত স্থানীয় প্ৰতিভা বৈশ্যসহ অঞ্চলটোৰ ২৫ গৰাকী কীৰ্তিমানক গামোচা আৰু মানপত্ৰৰে উদ্যোক্তাসকলে অভিনন্দন জনায়৷ 

সভাত স্থানীয় বহুকেইগৰাকী বিশিষ্ট ব্যক্তিকো সম্বৰ্ধনা জনোৱা হয়৷ আব্দুল মালেকে আঁত ধৰা সভাখনত উদীয়মান লেখক আইনুল হকৰ হাতে লিখা কাব্যগ্ৰন্থ 'সপোন’ আৰু 'মোৰ প্ৰবন্ধ মোৰ কবিতা’ শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰে প্ৰবক্তা কুতুবউদ্দিন আহমেদে৷ ইয়াৰ পূৰ্বে পুৱাৰ ভাগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে সমাজকৰ্মী ৰস্তুম আলী আৰু নৌচাদ আলী ৰহমানে৷