হেমন্ত কলিতা, নলবাৰীঃ প্ৰৱল ইচ্ছা শক্তি, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে সফলতা যে লাভ কৰিব পাৰি এই কথা প্ৰমাণ কৰি দেখুৱালে নলবাৰী জিলাৰ বাঁহজানী মৌজাৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ চিন্ময়ে।
ব্যক্তিগত প্ৰচেষ্টাত চিন্ময়ে শিক্ষা জীৱনত বহু কঠিন সমস্যাৰ সন্মুখীন হৈও এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থানীয় দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰপৰা কলা শাখাত ৬২ শতাংশ নম্বৰৰে চিন্ময় প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজ মাতৃৰ লগতে গাঁওখনলৈ সুনাম কঢ়িয়াই আনিলে। উল্লেখ্য যে দৰিদ্ৰতাৰ সৈতে যুঁজ কৰি চিন্ময় প্ৰতি খোজত আগবাঢ়ি গৈছিল।
আৰ্থিক দৈন্যত পৃষ্ট পৰিয়ালৰ মেধা ছাত্ৰজনৰ সাফল্যত আনন্দিত আৰু উৎফুল্লিত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অঞ্চলবাসী। এতিয়া চিন্ময়ৰ মাতৃৰ আনন্দৰ মাজতো চিন্তিত হৈছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মেধাৱী ছাত্ৰজনৰ সপোন কিদৰে বাস্তৱায়িত কৰিব পাৰিব। উল্লেখ্য যে, জিলাখনৰ বৃহত্তৰ বাঁহজানী অঞ্চলৰ মানুহৰ ঘৰে ঘৰে পুৱাই বাতৰি কাকত বিতৰণ কৰি নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে দৰিদ্ৰ পৰিয়ালটোক পোহপাল দিয়া কীৰ্তিমান ছাত্ৰ চিন্ময় উত্তীৰ্ণ হোৱাৰ খবৰে অঞ্চলটোত আনন্দৰ বন্যা বোৱাইছে৷
চিন্ময়ৰ এই সাফল্যত অঞ্চলবাসী উল্লাসিত হৈছে৷ ২০১৬ চনত এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা চিন্ময়ৰ পিতৃ ৰমেন কলিতাও বাতৰি কাকতৰ হকাৰ আছিল৷ চিন্ময়ই পিতৃৰ মৃত্যুৰ পাছৰপৰাই পিতৃৰ বৃত্তিটোকে গ্ৰহণ কৰি নিজৰ পঢ়াৰ খৰচৰ লগতে মাকসহ তিনিজনীয়া পৰিয়ালটো চলাই আছে৷
উল্লেখ্য যে, হকাৰৰ কাম কৰিয়ে ছাত্ৰজনে দুটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো উত্তীৰ্ণ হৈছিল৷ বিগত তিনি চাৰি বছৰ ধৰি ঘৰে ঘৰে বাতৰি কাকত বিলাই ফুৰা চিন্ময়ৰ নম্ৰ ব্যৱহাৰে সকলোকে মুগ্ধ কৰে৷ চিন্ময়ৰ এই সাফল্য আৰু অনাগত দিনৰ বাবে ছাত্ৰজনক জীৱনৰ প্ৰতি অঞ্চলটোৰ দল-সংগঠন তথা দক্ষিণ নলবাৰী প্ৰেছ ক্লাবে শুভেচ্ছা জ্ঞাপন কৰিছে৷