নলবাৰীঃ নলবাৰীৰ 'খোজ’ নামৰ সমাজ উন্নয়ন সংঘৰ উদ্যোগত উত্তৰ কামপীঠ মহাবিদ্যালয় কনিষ্ঠ শাখাৰ ছাত্ৰীসকলৰ লগত ঋতুস্ৰাৱ পৰিচ্ছতা দিৱস উদযাপন কৰা হয়।
ইয়াৰ মূল উদ্দেশ্য সমাজৰ কিশোৰীসকলক স্বচ্ছতা সম্পৰ্কে অৱগত কৰা আৰু অপৰিষ্কাৰ পৰিৱেশৰপৰা হ’ব পৰা বিপদসমূহৰপৰা দূৰত ৰখা। কাৰণ কিছুমান অন্ধ বিশ্বাসৰ ফলত আমাৰ সমাজৰ বহুতো কিশোৰী-মহিলা বিভিন্ন বেমাৰৰ চিকাৰ হৈ আহিছে।
এই সমস্যাবোৰ যিমান পাৰি দূৰ কৰাৰ লক্ষ্য আগত লৈ দিৱসৰ লগত সংগতি ৰাখি ঋতুস্ৰাৱৰ সময়চোৱাত হোৱা সমস্যা লাজ-ভয় ইত্যাদিক আঁতৰাই থৈ খোলাকৈ আলোচনা কৰা হয় আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে সজাগ কৰা হয়। লগতে ইয়াৰ পৰা হ’ব লগা বেমাৰৰ বিষয়েও বুজাই দিয়া হয়।
অনুষ্ঠানত প্ৰায় ৫০ গৰাকী ছাত্ৰী উপস্থিত থাকে। মহাবিদ্যালয়খনৰ অধ্যাপিকা জ্যোৎস্না দেৱী আৰু প্রণীতা বেজবৰুৱাই সহযোগিতা আগবঢ়ায় আৰু সংঘৰ সদস্য টুটু মণি ডেকা, জিনা ডেকা, বন্দিতা ডেকা, পৰাগ দাস আৰু চন্দন ডেকাই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহায় কৰে।
'খোজ’ৰ এনে পদক্ষেপক ৰাইজৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে শলাগ লয়।