নলবাৰীঃ হয়, নামত ঠিকেই আছে, পিছে কামত হ’লে একো নাই। পূব নলবাৰী উন্নয়ন খণ্ডৰ অধীনৰ ৭ নং পূব বাহঁজানী গাঁও পঞ্চায়তৰ অধীনৰ বালা-মুগকুছি চ'কত ষ্ট্ৰীট লাইট আছে কিন্তু নজ্বলে। 

স্থাপন কৰাৰ পাছত দুদিনমান জ্বলিল যদিও বিগত প্ৰায় এবছৰ ধৰি জ্বলা নাই এই লাইটকেইটা। ফলত গোটেই নিশা সমগ্র চ'কটো তথা অঞ্চলবাসী ঘোৰ অন্ধকাৰত ডুব গৈ থাকিবলগীয়া হৈছে৷ লগতে অন্ধকাৰৰ বাবেই সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। মূলত: ষ্ট্ৰীট লাইটসমূহ নজ্বলাৰ বাবেই বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ।

ভূক্তভোগী ৰাইজে উক্ত বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট বিভাগক বাৰম্বাৰ অভিযোগ কৰাৰ পাছতো পঞ্চায়তৰ  নিজৰ দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি এইপৰ্যন্ত লাইটকেইটা জ্বলোৱাৰ বাবে কোনো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। অনতিপলমে উক্ত লাইটসমূহ জ্বলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও কামত অহা নাই।

উল্লেখ্য যে বিগত সময়ত অঞ্চলটোত জনপ্ৰতিনিধিসকলে নিতৌ আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰি আহিছে যদিও এই চমকে ৰাইজৰ উন্নয়ন সাধিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ সভাই-সমিতিয়ে ভাষণ দি ক্ষমতা দখল কৰা বিজেপি নেতাসকলে পঞ্চায়তখনৰ গ্ৰামাঞ্চলত বিশেষ একো  উন্নয়ন সাধিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷

কিয়নো উন্নয়নৰ নামত কোটি কোটি টকা খৰচ কৰাৰ পাছতো গাঁওকেইখনত নজ্বলে ষ্ট্ৰীট লাইট৷ যাৰ ফলত প্ৰতিবাদ কৰিব লগাৰ দৰে হৈছে৷ ষ্ট্ৰীট লাইট আছে যদিও পোহৰ হ’লে আজিলৈ দিব পৰা নাই৷ লাইট দুটা স্থাপন কৰাৰ দুদিনমান পাছতে দুবৃৰ্ত্তই উঠাই নিয়ে বেটাৰীকেইটা। তাৰ বিচাৰ-খোচৰ হোৱা দেখা নগ’ল৷ 

বৰ্তমান যাৰ ফলত বেলি ডুবাৰ পাছতে চৌদিশে চ'কটোত অন্ধকাৰময় পৰিৱেশ বিৰাজ কৰে৷ সম্প্ৰতি,  জনপ্ৰতিনিধিসকলে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰা দেখা গৈছে ব্যৱসায়ীসকলে৷