Newsnextone | ডিজিটেল ডেস্কঃ পানীয়ে প্ৰাণীৰ প্ৰাণ৷ প্ৰদূষিত পানী মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ প্ৰতিদিনে খোৱা পানীৰ অভাৱত ভুগিছে বহুকেইখন ৰাজ্যই৷ ভাৰতৰ উত্তৰ পূব আৰু পূব ভাৰতীয় অঞ্চলৰ সতেজ পানীৰ পৰিমাণ কমিছে বুলি তথ্য প্ৰকাশ কৰিছে নাছাই৷ নাছাৰ উপগ্ৰহৰ সহায়ত তোলা আলোকচিত্ৰৰ যোগেদি এই কথা প্ৰকাশ পাইছে।

নাছাৰ গ’ডাৰ্ড স্পেছ ফ্লাইট চেন্টাৰৰ বিজ্ঞানী মেট ৰ’ডেল আৰু তেওঁৰ দলটোৱে এই বিষয়টোক লৈ কৰা এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে৷ ক’ত ক’ত পানীৰ সোৱাদ সলনি হৈছে তাৰে সম্পূৰ্ণ তথ্য দাঙি ধৰা নাছাৰ বৈজ্ঞানিকৰ দলটোৱে অধ্যয়ন কৰি পোৱা মতে অধিক বৃষ্টিপাত হোৱা ঠাইত একেৰাহে হৈ আছে৷ আনফালে শুকান অঞ্চলসমূহত খৰাঙে দেখা দিছে৷

এইবোৰ পৰিবৰ্তনৰ কাৰণ হৈছে মানুহে পানী প্ৰদূষণ কৰা, জলবায়ু পৰিবৰ্তন তথা প্ৰাকৃতিক চক্ৰ৷ এই গুৰুত্বপূৰ্ণ বিষয়টোত অধ্যয়ন কৰিবলৈ আমেৰিকা-জাৰ্মানীৰ গ্ৰেভিটি ৰিকভাৰি এণ্ড ক্লাইমেট এক্সপেৰিমেন্ট স্পেচক্ৰাফট মিছনৰ সহায় লোৱা হৈছিল৷ বিশ্বৰ মুঠ ৩৪ খন ঠাইৰ ১৪ বছৰৰ তথ্য ব্যৱহাৰ কৰা হৈছিল এই বিষয়ৰ অধ্যয়নৰ বাবে৷

প্ৰায় ৩০ খনকৈ ঠাইত পানী কমি আহিছে৷ উত্তৰ-পূব ভাৰতীয় ঠাইৰ বাহিৰে মধ্য-পূব ভাৰতত, কেলিফৰ্নিয়া, অষ্ট্ৰেলিয়া আদি বিভিন্ন ঠাইত এই জল সংকটে দেখা দিছে বুলি প্ৰকাশ পাইছে অধ্যয়নটোত৷ জলসিঞ্চনৰ প্ৰয়োগৰ দ্বাৰা পানীৰ অধিক মাত্ৰাত খৰচ হৈছে৷ সংবাদ মাধ্যমৰ মতে উত্তৰ ভাৰতত ঘেঁহু আৰু ধানৰ খেতিৰ বাবে জলসিঞ্চনৰ মাটি প্ৰয়োগ কৰা হয়৷ সামান্য পৰিমাণৰ কম বৰষুণৰ ফলত এনেধৰণৰ ঠাইবোৰত পানীৰ পৰিমাণ কম৷ যাৰ ফলত খেতি নষ্ট হোৱা দেখা যায়৷ বৰ্তমানে পানীৰ প্ৰয়োগ সীমিত নকৰিলে বিশ্বই এদিন এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লাগিব৷