নতুন দিল্লীঃ নেশ্যনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফ চমুকৈ NBWLৰ যোৱা ৬ বছৰ ধৰি কোনো বৈঠক অনুষ্ঠিত হোৱা নাই। এই সময়ছোৱাত ব’ৰ্ডত থকা বিশেষজ্ঞ সদস্যসকলক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি নীতি নিৰ্ধাৰণ তথা আন বিভিন্ন অনুমোদনৰ সিদ্ধান্ত ষ্টেণ্ডিং কমিটি (স্থায়ী কমিটি)য়ে নিজাববীয়াকৈ গ্ৰহণ কৰি আহিছে। পৰিৱেশ বিষয়ক দেশৰ আগশাৰীৰ আলোচনী Down to Earthত প্ৰকাশ পাইছে এই খবৰ।
অসমৰ দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলত অবৈধ কয়লা খনন অব্যাহত থকা সন্দৰ্ভত চৰ্চা অব্যাহত থকাৰ মাজতে পোহৰলৈ আহিছে এই উদ্বেগজনক খবৰ। এনেদৰে ব’ৰ্ডৰ সদস্যসকলৰ মাজত কোনো বৈঠক অনুষ্ঠিত নকৰাকৈয়ে অলপতে ১১ ৰাজ্যৰ বিভিন্ন প্ৰকল্প তথা আঁচনিত অনুমোদন জনোৱা হৈছে। যোৱা ৭ এপ্ৰিলত এই কথা এক টুইটযোগে সদৰী কৰিছিল কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে।
'ভিডিঅ’ কনফাৰেন্সিংযোগে আজি মই NBWLৰ ষ্টেণ্ডিং কমিটিৰ বৈঠকত অধ্যক্ষতা কৰো আৰু ১১ খন ৰাজ্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পত অনুমোদন জনোৱা হয়।’-ব’ৰ্ডৰ ষ্টেণ্ডিং কমিটিয়ে প্ৰকল্পসমূহত অনুমোদন জনোৱাৰ কথা সদৰী কৰি এইদৰে টুইট কৰিছিল মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰীগৰাকীৰ এই টুইটৰ পিছতে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দেশৰ ভিন্ন প্ৰান্তৰ পৰিৱেশ সুৰক্ষা কৰ্মীসকলে। পৰিৱেশ সুৰক্ষা কৰ্মীসকলে কয় যে ব’ৰ্ডৰ কোনোধৰণৰ বৈঠক অবিহনে কেৱল ষ্টেণ্ডিং কমিটিৰ বৈঠকৰ জৰিয়তে গ্ৰহণ কৰা সিদ্ধান্ত আইন সন্মত নহয়।
'বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ মতে NBWL-এ এখন ষ্টেণ্ডিং কমিটি গঠন কৰাৰ ক্ষমতা থাকিলেও এবছৰত কমেও দুবাৰ ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত কৰিব লাগে। কিন্তু ২০১৪ চনৰ পৰা আজিলৈকে এবাৰো ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত কৰা হোৱা নাই।’-১১ খন ৰাজ্যৰ উন্নয়নমূলক কামৰ বাবে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সুৰক্ষা পৰিষদৰ তৰফৰ পৰা অনুমোদন জনোৱা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰি এইদৰে মন্তব্য কৰিছে পৰিৱেশ সুৰক্ষাৰ হকে আইনী যুঁজ চলাই অহা অধিবক্তা ঋত্বিক দত্তই।
বন্যপ্ৰাণী সুৰক্ষা আইন আৰু NBWL
বন্যপ্ৰাণী সুৰক্ষা আইনমতে NBWLৰ অধ্যক্ষতাৰ দায়িত্ব লাভ কৰে প্ৰধানমন্ত্ৰীয়ে। এই বন্যপ্ৰাণী সুৰক্ষাৰ বাবে গঠিত ব’ৰ্ডত অধ্যক্ষসহ সদস্যৰ সংখ্যা হৈছে ৪৭ গৰাকী। ব’ৰ্ডৰ উপাধ্যক্ষ হিচাপে থাকে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী। ৪৭ গৰাকী সদস্যৰ ভিতৰত নিৰ্বাচিত সাংসদৰ লগতে পৰিৱেশ সুৰক্ষা কৰ্মী, পৰিৱেশবিদ তথা বন বিভাগৰ বিষয়াও থাকে।
আইন অনুযায়ী ৪৭ গৰাকী সদস্যৰ ভিতৰত ১৫ গৰাকী চৰকাৰৰ সৈতে সম্পৰ্ক নথকা সদস্য, ১৯ গৰাকী প্ৰাক্তন চৰকাৰী বিষয়া আৰু ১০ গৰাকী চৰকাৰী বিষয়া সদস্য হিচাপে থাকিব লাগে। সদস্যসকলৰ সন্মতিক্ৰমে এখন স্থায়ী কমিটি গঠন কৰা হয় আৰু এই কমিটিয়ে বন্যপ্ৰাণী সুৰক্ষাৰ সৈতে জড়িত বিষয়সমূহ সম্পৰ্কে সিদ্ধান্ত প্ৰদান কৰে।
তাৎপৰ্যপূৰ্ণভাৱে ষ্টেণ্ডিং কমিটি গঠন কৰিলেও বন্যপ্ৰাণী সুৰক্ষা আইনত কিন্তু উক্ত কমিটি গঠন সম্পৰ্কে নিৰ্দিষ্টকৈ উল্লেখ কৰা হোৱা নাই। ষ্টেণ্ডিং কমিটিৰ পৰিৱৰ্তে আইনখনত বন্যপ্ৰাণী বিষয়ক বিষয়সমূহত ব’ৰ্ডক সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কৈছে। ব’ৰ্ডৰ আধাসংখ্যাক সদস্যৰ সন্মতি থাকিলে সিদ্ধান্ত কাৰ্যকৰী কৰিব পৰাৰ বিধানো আইনখনত আছে। আইন অনুযায়ী প্ৰতিখন চৰকাৰে পূৰ্বৰ চৰকাৰে গঠন কৰা ব’ৰ্ড ভংগ কৰি নিজাববীয়াকৈ ব’ৰ্ড গঠন কৰিব পাৰে।
ব’ৰ্ডৰ প্ৰাক্তন সদস্যসকলে কি কয়?
বিগত ৬ বছৰ ধৰি NBWL-এ কোনো বৈঠক অনুষ্ঠিত নকৰাকৈয়ে বন্যপ্ৰাণী সুৰক্ষাৰ সৈতে জড়িত স্পৰ্শকাতৰ বিষয়সমূহক লৈ কেৱল ষ্টেণ্ডিং কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যত হতভম্ব হৈ পৰিছে ইয়াৰ সৈতে জড়িত প্ৰাক্তন সদস্যসকল। এনে কাৰ্যই বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি কেন্দ্ৰ চৰকাৰ কিমান সচেতন সেয়া উদঙাই দিছে বুলিও মন্তব্য কৰিছে কেবাগৰাকী ব’ৰ্ডৰ প্ৰাক্তন সদস্য তথা পৰিৱেশবিদে।
'মই ২০০৭ চনৰ পৰা ২০১৩ চনলৈ ব’ৰ্ডৰ সদস্য আছিলো। তেতিয়া প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত প্ৰায়ে এমাহৰ মূৰে মূৰে পৰ্যবেক্ষণমূলক বৈঠক অনুষ্ঠিত হৈছিল। তেনে বৈঠকত বিভিন্ন নীতি নিৰ্ধাৰণৰ লগতে বন্যপ্ৰাণী সুৰক্ষাৰ সৈতে জড়িত একাধিক আঁচনিত অনুমোদন জনোৱা-নজনোৱাক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। যদিহে এতিয়া শুনা ধৰণে ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হোৱা নাই, তেন্তে কিদৰে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেয়া ভাবি আচৰিত হৈছো।’-একাধিক সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত এইদৰে কয় ওড়িশাৰ এগৰাকী বন্যপ্ৰাণী সুৰক্ষা কৰ্মী তথা ব’ৰ্ডৰ প্ৰাক্তন সদস্য বিশ্বজিৎ মহান্তিয়ে।
বন্যপ্ৰাণী সুৰক্ষা আইন প্ৰণয়নৰ সৈতে জড়িত আন এগৰাকী পৰিৱেশ কৰ্মী এম কে ৰজনীকান্তেও চৰকাৰৰ বৰ্তমানৰ কাৰ্যক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ লগতে ছ’চিয়েল মিডিয়াযোগে ৰজনীকান্তে কৈছে, 'যদিহে সাংবিধানিক কমিটি হোৱা সত্বেও সাংবিধানিক নীতি-নিয়ম পৰিহাৰ কৰি NBWL-এ এবাৰো বৈঠক অনুষ্ঠিত কৰা নাই তেন্তে ইমান ডাঙৰ ডাঙৰ সিদ্ধান্তবোৰ লৈছে কোনে?’
তেওঁ আৰু কয়, 'পূৰ্বৰ চৰকাৰৰ দিনতো চৰকাৰৰ সিদ্ধান্তসমূহে বৈঠকত বিশেষ গুৰুত্ব লাভ কৰা নাছিল। কিন্তু তেতিয়া অন্ততঃ সাংবিধানিক নীতি-নিয়মক গুৰুত্ব প্ৰদান কৰি ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত কৰা হৈছিল।
ব’ৰ্ডৰ আন এগৰাকী প্ৰাক্তন সদস্য তথা পৰিৱেশ সংৰক্ষক প্ৰেৰণা সিং বিন্দ্ৰায়ো চৰকাৰৰ এনে কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ ব’ৰ্ডৰ বৰ্তমানৰ সদস্যসকলৰ মৌনতাক লৈয়ো আশ্চৰ্য প্ৰকাশ কৰে। 'বন্যপ্ৰাণী সংৰক্ষণ হৈছে এক সন্মিলিত প্ৰচেষ্টা। সেয়ে NBWLত বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত অভিজ্ঞ লোকসকল সদস্য হিচাপে থাকে। কিন্তু এনেদৰে আইনক ভেঙুচালি কৰি বৈঠক অবিহনে সিদ্ধান্ত গ্ৰহণ কৰাতো নিসন্দেহে হঠকাৰী বুলি ক’ব লাগিব।’-এইদৰে কয় ২০১০ চনৰ পৰা ২০১৩ চনলৈ ব’ৰ্ডৰ সদস্য হিচাপে থকা প্ৰেৰণাই।
প্ৰধানমন্ত্ৰীৰ ব্যস্ততাৰ বাবেই অনুষ্ঠিত হোৱা নাই বৈঠক!
নেশ্যনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফ চমুকৈ NBWLৰ যোৱা ৬ বছৰে কিয় বৈঠক অনুষ্ঠিত হোৱা নাই বুলি পৰিৱেশ বিষয়ক আগশাৰীৰ আলোচনী Down to Earth-এ সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী শীৰ্ষ বিষয়াই কয় যে যিহেতু ষ্টেণ্ডিং কমিটিৰ সদস্যসকল ব’ৰ্ডেই মনোনীত কৰে সেয়ে সিদ্ধান্তসমূহ গ্ৰহণত বাৰে বাৰে বৈঠক অনুষ্ঠিত কৰাতো অপৰিহাৰ্য নহয়।
'বন্যপ্ৰাণী সুৰক্ষাৰ সৈতে জড়িত বিষয়সমূহক লৈ ষ্টেণ্ডিং কমিটিয়েই সিদ্ধান্ত গ্ৰহণ কৰে। এই ষ্টেণ্ডিং কমিটিৰ সদস্যসকল ব’ৰ্ডৰ পৰাই আহে। সেয়ে ব’ৰ্ডে লোৱা সিদ্ধান্ত আৰু ষ্টেণ্ডিং কমিটিয়ে লোৱা সিদ্ধান্তৰ মাজত কোনো বিশেষ পাৰ্থক্য থকাৰ সম্ভাৱনা নাই।’-এইদৰে কয় বিষয়াগৰাকীয়ে।
Down to Earth-ৰ আগত ব’ৰ্ডৰ বৰ্তমানৰ এগৰাকী সদস্যই নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে যিহেতু বৰ্তমানৰ প্ৰধানমন্ত্ৰী তথা ব’ৰ্ডৰ অধ্যক্ষগৰাকী আন বিভিন্ন কামত যথেষ্ট ব্যস্ত থাকে সেয়ে পূৰ্বৰ দৰেকৈ সময়মতে ব’ৰ্ডৰ সাংবিধানিক বৈঠক অনুষ্ঠিত কৰাতো সম্ভৱ হৈ উঠা নাই। 'প্ৰতিমাহে নহ’লেও অন্তত বছৰত এবাৰকৈ হ’লেও বৈঠক অনুষ্ঠিত কৰিলে বহু বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰাতো সহজ হৈ পৰে। কিন্তু অধ্যক্ষ তথা প্ৰধানমন্ত্ৰীগৰাকীৰ ব্যস্ততাৰ বাবে সেয়া বৰ্তমান সম্ভৱ নহয় বাবেই এনেদৰে আইনত উল্লেখ থকা ধৰণে বৈঠক অনুষ্ঠিত হোৱা নাই।’-সদস্যগৰাকীয়ে কয়।