newsnextone.com | ডিজিটেল ডেস্কঃ দুৰ্নীতিৰ অভিযোগৰ গোচৰত দোষী সাব্যস্ত হোৱা আৰু আদালতে কাৰাদণ্ড ঘোষণা কৰা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ আৰু তেওঁৰ কন্যা মৰিয়াম শ্বৰীফে শুকুৰবাৰে নিজ দেশত উপস্থিত হয়৷ আবু ধাবিৰ পৰা এখন বিশেষ বিমানেৰে শুকুৰবাৰে কন্যাৰ সৈতে উপস্থিত হয় নৱাজ৷ পত্নীৰ ৰোগৰ চিকিৎসা কৰি আছিল লণ্ডনত আৰু তাৰ পিছতে আবু ধাবিত উপস্থিত হৈ দেশলৈ আহে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে৷
Lahore: PML-N supporters head towards Lahore airport ahead of Nawaz Sharif's arrival. #Pakistan pic.twitter.com/EE4qd4mvFQ
— ANI (@ANI) July 13, 2018
দুৰ্নীতিৰ অভিযোগত দোষী সাব্যস্ত হোৱা নৱাজ শ্বৰীফক ১০ বছৰৰ কাৰাদণ্ড বিহে পাক উচ্চতম ন্যায়ালয়ে৷ আনহাতে শ্বৰীফৰ কন্যা মৰিয়াম নাৱাজক ৭ বছৰ কাৰদণ্ড বিহে ন্যায়ালয়ে৷
যোৱা ৬ জুলাইত দেশৰ শীর্ষ আদালতৰ নিৰ্দেশ মৰ্মে অভেনফিল্ড দুৰ্নীতি গোচৰত পাক প্ৰধানমন্ত্ৰীক দোষী সাব্যস্ত কৰি দুৰ্নীতি নিবাৰণ আদালতে এই ৰায় প্ৰদান কৰিছিল৷ নৱাজ শ্বৰীফক ১০ বছৰৰ কাৰদণ্ড ৮০ লাখ পাউণ্ড টকা জৰিমণা বিহে৷ আনহাতে কন্যা মৰিয়মক ৭ বছৰৰ জেল আৰু ২০ লাখ পাউণ্ড জৰিমণা বিহে৷ নৱাজৰ জোৱাই তথা মৰিয়মৰ স্বামী অৱসৰপ্ৰাপ্ত সেনাৰ কেপ্তেইন এবছৰৰ কাৰদণ্ড বিহে আদালতে৷
Flight with Nawaz Sharif and daughter Maryam onboard has left Abu Dhabi for Lahore: Pakistan media pic.twitter.com/BOOmwzWKgq
— ANI (@ANI) July 13, 2018
প্ৰথমে পাক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত নৱাজ শ্বৰীফ, মৰিয়ম শ্বৰীফ আৰু জোৱাইৰ বিৰুদ্ধে চলি থকা গোচৰৰ ৰায় প্ৰদান কৰে দুৰ্নীতি নিবাৰণ আদালতে৷
২০১৬ চনত পোহৰলৈ আহিছিল পানাম পেপাৰৰ দুৰ্নীতিৰ তথ্য৷ সেই সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী হৈ আছিল নৱাজ৷ ২০১৭ চনত আদালতৰ নিৰ্দেশত প্ৰধানমন্ত্ৰীৰ পৰা গাদীচ্যুত হয় নৱাজ৷ তাৰ পিছতে নৱাজ পৰিয়ালৰ বিৰুদ্ধে আৰম্ভ কৰা হয় তদন্ত৷ তদন্তৰ নিৰ্দেশ দিছিল পাকিস্তানৰ নেচনেল একাউণ্টিবিলিটি ব্যুৰেৱে৷
Lahore: Police detains PML-N supporters who were on their way to Lahore airport ahead of Nawaz Sharif's arrival #Pakistan pic.twitter.com/pgckzVM8lD
— ANI (@ANI) July 13, 2018
Miyan #NawazSharif will reach Lahore airport in a few hours. I urge all to reach Lahore airport to welcome him. Currently, I am at an interior town, where people are gathering to proceed to Lahore airport to welcome him: PML(N) president Shahbaz Sharif pic.twitter.com/emfTjzIqAM
— ANI (@ANI) July 13, 2018
উল্লেখ্য যে, যোৱা ১৪ জুনলৈকে নৱাজ আৰু কন্যা মৰিয়ম লণ্ডনত আছিল ৰোগীয়া পত্নীৰ চিকিৎসাৰ বাবে৷ যাৰ বাবে ৰায় ঘোষণা স্থগিত ৰখাৰ বাবে আবেদন জনাইছিল নৱাজে৷ চিকিৎসাৰ অন্তত দেশলৈ উভতি অহাৰ পৰিৱৰ্তে আবু ধাবিক বাৰ পাতি আছিল৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ সৈতে মুখ্যমুখী হৈ মই দেশৰ জমগণৰ বাবে দেশলৈ আহিছোঁ বুলি কয়৷ বিভিন্ন ঠাইত নৱাজৰ সমৰ্থকে হিংসাত্মক ঘটনাও সংঘটিত কৰে৷ আনহাতে নৱাজৰ দল পিএমএলএনৰ মুৰব্বী শ্বাহৱাজ শ্বৰীফে সকলো পক্ষক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়৷