anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ ছট্টীছগড়ৰ দান্তাবাড়া এলেকাত মাওবাদীয়ে আইইডি বিস্ফোৰণ কৰাৰ ফলত ৬ গৰাকী জোৱান শ্বহীদ হোৱাৰ খবৰ আহিছে৷ ৬গৰাকী জোৱানৰ ভিতৰত ৪ গৰাকী ছট্টীছগড় আৰ্ম ফৰ্ছ আৰু দুজন আৰক্ষীৰ বুলি জানিব পৰা গৈছে৷  

দেওবাৰে পুৱাই ছট্টীছগড়ৰ মাওবাদী অধ্যুষিত দান্তাবাড়াৰ চোলনাত নিৰাপত্তাৰক্ষীৰ এটা দলে এখন গাড়ীৰে অভিযানৰ বাবে ওলাই গৈছিল৷ সেই সময়ত পথত গাত কৰি পুটি থোৱা বিস্ফোৰক বিস্ফোৰণ হয় আৰু গাড়ী খন বহু ওপৰলৈ উৰি গৈ ধ্বংস হয়৷ জানিব পৰা মতে, মাওবাদীয়ে পূৰ্বেই বিস্ফোৰক পুটি থৈছিল৷ গাড়ী খনত ৭ গৰাকী জোৱান আছিল৷ জোৱান সকলৰ অস্ত্ৰ লুটি নিয়ে মাওবাদীয়ে৷  

ঘটনাত প্ৰথমে দুগৰাকী জোৱান আহত হৈছিল যদিও পিছত চিকিৎসালয় মৃত্যু হয়৷ ইতিমধ্যে ৰাজ্য খনৰ উচ্চপদস্থ আৰক্ষী বিষয়াই মাওবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰা বুলি জানিবলৈ দিয়ে৷