ডিজিটেল ডেস্কঃ দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে এন ডি এ প্ৰাৰ্থী ভেংকায়া নাইডু। শনিবাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২৭২ টা ভোটৰ ব্যৱধানত বিৰোধী প্ৰাৰ্থী প্ৰাক্তন কুটনীতিবিদ গোপালকৃষ্ণ গান্ধীক পৰাস্ত কৰে।

নাইডুৱে মুঠ ৭৮৫ টা ভোটৰ ৫১৬ টা ভোট লাভ কৰাৰ বিপৰীতে গান্ধীয়ে লাভ কৰে ২৪৪ টা ভোট। মুঠ ৭৮৫ গৰাকী সাংসদৰ ৭৭১ গৰাকীয়ে আজিৰ নিৰ্বাচনত ভোটদান কৰে। ১১ গৰাকী সাংসদৰ ভোট 'ইনভেলিড’ ঘোষিত হয়। আনহাতে ১৪ গৰাকী সাংসদে বিভিন্ন কাৰণত ভোটদান কৰিব নোৱাৰিলে। উল্লেখ্য যে জয়ৰ বাবে প্ৰয়োজনীয় ভোটৰ সংখ্যা হৈছে ৩৮১টা। 

এতিয়া অহা ১১ আগষ্টত নাইডুৱে দেশৰ ত্ৰয়োদশগৰাকী উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। বিদায়ী উপ-ৰাষ্ট্ৰপতি হামিদ আঞ্চাৰিৰ কাৰ্যকালৰ অন্ত পৰিব অহা ১০ আগষ্টত। উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে এতিয়া ৰাজ্যসভাৰো অধ্যক্ষ হিচাপে পৰিগণিত হ’ব নাইডু। 

২০০২-২০০৪ চনলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব থকা নাইডুৱে মোদীৰ মন্ত্ৰীসভাত নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰীৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাতো গ্ৰামোন্নয়ন বিভাগৰ কেবিনেট মন্ত্ৰী আছিল নাইডু।

উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে তেওঁ এতিয়া নিজকে নিৰ্দলীয় বুলি ঘোষণা কৰে। 'এতিয়াৰে পৰা মোৰ দল, আপোনাৰ দল বুলি কোনো কথা নাথাকিব। মই এতিয়া নন-পাৰ্টী মেন। মোক জয়ী কৰোৱা বাবে সকলোকে ধন্যবাদ।’-এইদৰে কয় নাইডুৱে।

আনহাতে আজিৰ নিৰ্বাচন পৰাস্ত প্ৰাৰ্থী গোপালকৃষ্ণ গান্ধী হৈছে মহাত্মা গান্ধীৰ নাতি। তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাত ভাৰতৰ উচ্চায়ুক্ত হিচাপে সেৱা আগবঢ়াইছিল।

'নাইডু এগৰাকী যথেষ্ট অভিজ্ঞ আৰু পৰিপক্ক ব্যক্তি। আমাৰ মাজত কোনো প্ৰতিদ্বন্দিতামূলক মনোভাৱ নাই। এয়া হৈছে সাংবিধানিক ভিত্তিত এখন যুঁজ। ইয়াত আমি দুয়োটা পক্ষই ইজনে আনজনক সন্মান কৰি আগবাঢ়িব লাগিব।’-আজি ভোটগ্ৰহণৰ পূৰ্বে এইদৰে মন্তব্য কৰে মহাত্মা গান্ধীৰ নাতি তথা বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে।

ইফালে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছতে নাইডুক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অভিনন্দন জনাইছে পৰাস্ত প্ৰাৰ্থী গোপালকৃষ্ণ গান্ধীয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু বিৰোধী কংগ্ৰেছ দলৰ সভানেত্ৰী ছোনিয়া গান্ধীয়েও অভিনন্দন জনাইছে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত নাইডুক।