কোকৰাঝাৰঃ কৰ'না সংক্ৰমন প্ৰতিৰোধ কৰাৰ স্বাৰ্থতে প্ৰধানমন্ত্ৰীৰ আহ্বানক্ৰমে ৰাষ্ট্ৰজুৰি অব্যাহত থকা  লকডাউন কাৰ্যসূচীৰ ফলত একাংশ থিয়েটাৰ, চাৰ্কাচ দলৰ মৃত্যুঘণ্টা কৰুণভাৱে বজা আৰম্ভ হৈছে।

লকডাউনৰ পৰিণতিতে ব্যাপক লোকচানৰ সন্মুখীন হোৱা এনে ভ্ৰাম্যমান দলসমূহৰ লগত থকা সদস্যসমুহো আলৈ-আথানিৰ সন্মুখীন হৈ কচু-ঢেকীয়া আদি খাই জীৱন নিৰ্বাহ কৰাৰ কৰুণ কাহিনী পোহৰলৈ আহিছে । 

কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বালাজান তিনালীত লকডাউনৰ পূৰ্বৰে পৰা ‘নিউ গুৰিয়া চাৰ্কাচ’ আৰু ‘যাদু’ নামৰ ভ্ৰাম্যমান দলটোৱে ৰাইজৰ সন্মুখত চাৰ্কাচ আৰু যাদু প্ৰদৰ্শন কৰি আছিল। 

এইবছৰ ব্যৱসায় মন্দা হোৱাৰ বাবে লোকচানত থাকিও একমাত্ৰ চাৰ্কাচ পাৰ্টীটোৰ পৰিয়ালৰ ভৰণ-পোষণৰ বাবে পৰিচালক তথা স্বত্বাধিকাৰী বাবুল ইছলামে নিজৰ চাৰিচকীয়া বাহনো বন্ধকত দি হলেও চাৰ্কাচ দলটো চলাই ৰাখিছিল। 

বিধিৰ কি দূৰ্বিপাক, এনে সময়তে কৰ’ণা মহামাৰীয়ে দেশখনত বিভিষীকাৰ সৃষ্টি কৰে আৰু চৰকাৰে হঠাতে লকডাউন ঘোষণা কৰিবলগীয়া হয়৷লকডাউনৰ ফলত বালাজান তিনালীতে এই চাৰ্কাচ দলটো আৱদ্ধ হৈ পৰে। 

ফটা-ছিটা তিৰপালৰ তলতে কণমানি শিশু, মহিলা সহিতে নিউ গুৰিয়া চাৰ্কাচ আৰু যাদু নামৰ চাৰ্কাচ দলটোৰ ২৮ গৰাকী সদস্যই কচু-ঢেকীয়া খাই দুৰ্বিষহ জীৱন নিৰ্বাহ কৰাৰ কৰুণ গাঁথাই প্ৰতিগৰাকী হৃদয়বান লোকৰ অন্তৰ সেমেকাই তুলিছে। তদুপৰি লকডাউন অন্ত পৰাৰ পিছতো নিজ নিজ ঘৰলৈ ঘূৰি যাবলৈ চাৰ্কাচ দলটোৰ হাতত বৰ্তমান ফুটাকড়ি এটাও নাই । 

১৯৮৪ চনৰ পৰাই ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ পৰিভ্ৰমণ কৰি দৰ্শকক মনোৰঞ্জন দি অহা নিউ গুৰিয়া চাৰ্কাচ আৰু যাদু নামৰ ভ্ৰাম্যমাণ দলটো বৰ্তমান ধাৰে ঋণে পোত গৈ চিৰদিনলৈ বন্ধ হ’বলৈহে বাকী আছে। সম্প্ৰতি বালাজান তিনালীত আৱদ্ধ হৈ থকা চাৰ্কাছ দলটোৱে নিজৰ অন্ধকাৰময় ভৱিষ্যত দেখি শংকিত হৈছে আৰু এই লকডাউনে তেওঁলোকৰ শংকা দুগুনে বঢ়াই তুলিছে । 

নিউ গুৰিয়া চাৰ্কাচ আৰু যাদু নামৰ ভ্ৰাম্যমান দলটোৰ এনে দুৰ্দশাৰ বাতৰি লাভ কৰি আজি কোকৰাঝাৰ ৰাজহ চক্ৰৰ বিষয়া দীপন বৰ্মনে খাদ্য সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ চাৰ্কাচথলীত উপস্থিত হয়। 

এশ কিলোগ্ৰাম চাউল, ৫০ কিলোগ্ৰাম আলু, ২০ কিলোগ্ৰাম দাইল, ৫০ কিলোগ্ৰাম পিয়াজ, ১০ কিলোগ্ৰাম নিমখ, এক কাৰ্টুন বিস্কুট, শিশু সকলৰ বাবে চকলেট, চাবোন আদি ইত্যাদি খাদ্য সামগ্ৰী চাৰ্কাচ-থলীৰ আৱাসীৰ মাজত বিতৰণ কৰে কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া দীপন বৰ্মনে। 

কোকৰাঝাৰ জিলা প্ৰশাসনক দেৱদূত আখ্যা দি তেওঁলোকৰ বিপদৰ সময়ত জিলা প্ৰশাসনে সহায় কৰাত জিলা প্ৰশাসনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে চাৰ্কাচ দলটিৰ পৰিচালক বাবুল ৰহমানে। আনহাতে ৰাজহ চক্ৰ বিষয়া দীপন বৰ্মনে আৰ্তজনক সহায় কৰাটো তেওঁলোকৰ কৰ্তব্য বুলি মন্তব্যৰে সংবাদমাধ্যমৰ আগত ‘‘মানুহে মানুহৰ বাবে,যদিহে অকণো নাভাৱে …’’বুলি ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতটো সোঁৱৰাই দিয়ে ।

ইপিনে লকডাউনৰ বাবে দু:সময় অহাৰ সময়তে জন-হিত,জনসেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি আজি কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী ৰাণী শৰ্মা আৰু উপ আৰক্ষী অধীক্ষক অমল ৰাজবংশীয়ে নিজৰ সঞ্চিত ধনৰ পৰাই দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। 

কোকৰাঝাৰ জিলাৰ ছালেকাটি অঞ্চলৰ বিভিন্ন ঠাইত আজি অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী ৰাণী শৰ্মা আৰু উপ আৰক্ষী অধীক্ষক অমল ৰাজবংশীয়ে দুখীয়া লোকৰ মাজত প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰাৰ উপৰিও সজাগতামুলক প্ৰচাৰ পত্ৰিকা আৰু মাস্ক বিতৰণ কৰে । 

অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী ৰাণী শৰ্মাই কয় যে সাধাৰণতে তেওঁলোক আইন শৃংখলা লৈ ব্যস্ত থাকে যদিও জনসাধৰণৰ প্ৰতিও তেওঁলোক দায়বদ্ধ আৰু সেয়েহে দৰমহাৰ ধনেৰে দুখীয়া লোকৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰিছে আৰু প্ৰতিখন থানা এলেকাতে অসম আৰক্ষীয়ে এনে কাৰ্যসূচী হাতত লৈছে। 

কৰ'নাৰ শৃংখল ভাঙিবলৈ কেন্দ্ৰই লকডাউন ঘোষণা কৰিছে আৰু সেয়েহে সকলো লোককে সামাজিক দুৰত্ব বজাই ৰাখি চলাৰ উপৰিও হাত দুখন চাবোনেৰে ধুই পৰিস্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাইছে৷