newsnextone.com | ডিজিটেল ডেস্কঃ হাজাৰ হাজাৰ গো নিধন কৰা হৈছে৷ চৰকাৰী ধন খৰচ কৰি গৰু নিধন যজ্ঞ চলিছে নিউজিলেণ্ডত৷ নিৰুপায় চৰকাৰ কিম্বা প্ৰশাসন৷ গো-নিধন নহ’লে ৰক্ষা নাপায় মানুহো৷ কিন্তু কিয় কৰা হৈছে হাজাৰ হাজাৰ গৰু হত্যা?

যোৱাবছৰতে চিনাক্ত কৰা হৈছিল ৰোগবিধৰ৷ সমগ্ৰ নিউজিলেণ্ড ব্যপি সূত্ৰপাত হৈছিল আতংকৰ৷ মাজতে কিছু দিন এই আতংক মাৰ যোৱাৰ পিছত পুনৰ এবাৰ দেশখনত এই আতংকই চানি ধৰে৷ এই আতংক হৈছে এবিধ বেক্টেৰিয়াৰ৷ 

মাইকোপ্লাজমা বোভিচ নামৰ এইবিধ বেক্টেৰিয়া সংক্ৰনাত্মক৷ গৰুৰ পৰা মানুহলৈ সংক্ৰমণ ঘটা এইবিধ বেক্টেৰিয়াৰ ফলত মানুহৰ হৃদপিণ্ড অচল হৈ পৰাৰ লগতে আন বিভিন্ন মাৰাত্মক ৰোগে দেখা দিয়ে৷

যোৱা এটা বছৰৰ ভিতৰত দেশখনত ২৬ হাজাৰ মাইকোপ্লাজমা বোভিচত আক্ৰান্ত গৰু নিধন কৰা হৈছে৷ কিন্তু তাৰ পিছতো নিউজিলেণ্ডত এই মাৰাত্মক বেক্টেৰিয়াবিধৰ বিভিষীকা কম হোৱা নাই৷ হাজাৰ হাজাৰ গৰু এই বেক্টেৰিয়াৰ সংক্ৰমণৰ বলি হোৱাৰ লগতে কেইবাজনো লোকো আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ 

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জাচিণ্ডা আৰডাৰ্ণে দেশখনত ঘোষণা কৰি কয়, এই বেক্টেৰীয়া সমূলঞ্চে নাশ কৰাৰ বাবে আক্ৰান্ত গৰু বোৰক নিধন কৰাৰ বাহিৰে আন এক উপায় নাই৷ যাৰ বাবে দেশখনৰ এক লক্ষাধিক গৰু নিধনৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে৷ এই ঘটনা নিউজিলেণ্ডত অতীতত সংঘটিত হোৱাৰ নজিৰ নাই৷

প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে আগন্তক দুটা বৰ্ষৰ ভিতৰত দেশখনৰ লক্ষাধিক গৰু নিধন কৰা হ’ব৷ যাৰ কাৰণে চৰকাৰে ৬০০ মিলিয়ন ডলাৰ ব্যয় ধাৰ্য কৰিছে৷