অসমৰ ৰাজনৈতিক ক্ষেত্ৰত আন এক নতুন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ​, কিমান প্ৰাসংগিক

গুৱাহাটীঃ অসমৰ ৰাজনীতিৰ বাবে এক নতুন খবৰ৷ লোকসভা নিৰ্বাচনৰ বাবে আগবাঢ়িছে আন এক নতুন ৰাজনৈতিক দল৷ ৰাষ্ট্ৰীয় মানৱ বিকাশ পাৰ্টী নামৰ এটা ৰাষ্ট্ৰীয় দলে আজি দিশপুৰ প্ৰেছক্লাৱত এক সংবাদমেল সম্বোধন কৰে। 

উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য আহ্বায়ক ৰাজুমনি বৰদলৈয়ে আঁতধৰি কয় যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় মানৱ বিকাশ পাৰ্টীয়ে অসমৰ সকলোকেইটা সমষ্টিতে প্ৰাৰ্থী দিব।

সংবাদমেলত উপস্থিত ৰাষ্ট্ৰীয় মানৱ বিকাশ পাৰ্টীৰ কেন্দ্ৰীয় সংৰক্ষক কে.এচ. ৰাঠোৰে কয় যে ২০‍১৭ৰ ২৪ অক্টোবৰত এই ৰাষ্ট্ৰীয় দলতো প্ৰতিষ্ঠা কৰা হৈছিল। দেশত পানীৰ সমস্যা সমাধান, ভ্ৰষ্টাচাৰ দুৰীকৰণ, বিজুলীৰ সমস্যা সমাধান,ছোৱালীৰ বিয়াৰ খাদ্য সম্পূৰ্ণৰূপে যোগান ধৰা, কৃষক সকলৰ সমস্যা দূৰীকৰন,সাম্প্ৰদায়িকতা দূৰীকৰন, জাতি ধৰ্ম বৰ্ণৰ উৰ্ধত থাকি মানৱ বিকাশৰ বাবে ৰাষ্ট্ৰীয় মানৱ বিকাশ পাৰ্টী নিৰ্মান কৰা হ’য়।

বিশেষকৈ অসমৰ বানপানী সমস্যা সমাধান ৰাষ্ট্ৰীয় মানৱ বিকাশ পাৰ্টীৰ মুখ্য দাবী হ’ব বুলি জনায়।উল্লেখযোগ্য, ইয়াৰ পূৰ্বে এই দলটোয়ে হিমাচল প্ৰদেশ,গুজৰাট আৰু কৰ্ণাটকত প্ৰাৰ্থী দিয়া বুলিও উল্লেখ কৰে। আগুন্তক লোকসভা নিৰ্বাচনত এই দলে কেনেধৰণৰ ভূমিকা ল’ব সেইয়া সময়ত লক্ষণীয় হ’ব৷