60
গোৰেশ্বৰঃ প্ৰায় সাত দশক পূৰ্বে কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি গোৰেশ্বৰ ৰাজহ চক্ৰৰ বেতনা মৌজাৰ মহৰিপাৰাৰ নিজকচুলা গাঁৱত বসতি স্থাপন কৰিছিল বহু লোকে। কিন্তু আজি মৰমৰ এই গাঁওখন নদীৰ বুকুত।
বাগছা জিলাৰ গোৰেশ্বৰৰ নিজকচুলা গাঁৱৰ চনবস্তি চুবুৰিটোও এতিয়া এক অভাৱনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে। গাঁওখনৰ শ শ বিঘা মাটি আজিও বালিময় হৈ পৰি আছে। ২০০৪ চনৰ বৃহৎ বানৰ পিছত বিগত তেৰ বছৰে একো খেতি কৰিব পৰা নাই গাঁওবাসীয়ে।