কোকৰাঝাৰঃ 'অসমৰ পশ্চিম অঞ্চলত বিহু গীত নাছিল। পৰৱৰ্তী পৰ্যায়ত উজনি অসমৰ পৰা এই অঞ্চললৈকো বিহু গীতৰ আগমন ঘটে। অৰ্থাৎ উজনি অসমৰ পৰা এই অঞ্চললৈ বহু পিছত বিহু গীতৰ আমদানি কৰা হৈছিল।'- এই মন্তব্য অসম সাহিত্য সভাৰ বিতৰ্কিত প্ৰধান সম্পাদক পৰমানন্দ ৰাজবংশীৰ।

কোকৰাঝাৰ জিলাৰ কালিপুখুৰীত আজি অনুষ্ঠিত হোৱা বিষুৱা উৎসৱ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে সাহিত্য সভাৰ বিতৰ্কিত প্ৰধান সম্পাদকগৰাকীয়ে। অসম সাহিত্য সভাই সকলো জাতি জনগোষ্ঠীৰ ভাষা-সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে দায়বদ্ধ বুলিও অনুষ্ঠানটোত পৰমানন্দই ভাষণ আগবঢ়ায়।

সকলো জাতি-জনগোষ্ঠীয়ে উৰ্বৰতা, প্ৰজনন আৰু লোকবিশ্বাসৰ আধাৰতে অসমত বিহু, বিষুৱা, বৈশাগু উদযাপন কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে লোকসংগীতৰ কোনো জাতি নাই, ভাষা নাই, ধৰ্ম নাই।

বিষুৱা উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠান বন্তি প্ৰজ্বলেনেৰে মুকলি কৰি কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ বাৰেবৰণীয়া সংস্কৃতি, কলা-কৃষ্টি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে পৰমানন্দ ৰাজবংশীয়ে। উল্লেখ্য যে কালিপুখুৰীত অনুষ্ঠিত হোৱা উক্ত বিষুৱা উৎসৱ উদযাপন অনুষ্ঠান আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে।

আজিৰ অনুষ্ঠানত কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মন, কোঁচ-ৰাজবংশী সাহিত্য সভাৰ সভাপতি দ্বিজেন্দ্ৰ নাথ ভকতকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।