ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছতে স্বাধীনতা দিৱসৰ প্ৰথমটো ভাষণত 'নিউ ইণ্ডিয়া’ অৰ্থাৎ নতুন ভাৰত গঢ়াৰ আহ্বান জনাইছে ৰামনাথ কোবিন্দই।

'নতুন ভাৰতত দৰিদ্ৰতাৰ কোনো চিনা-মোকামেই নাথাকিব। নতুন ভাৰতত নাথাকিব কোনোধৰণৰ সাম্প্ৰদায়িকতা। নতুন ভাৰত হ’ব মানৱীয়তাৰে ভৰপূৰ, যিটো আমাৰ প্ৰত্যেকৰে সিৰাই-উপশিৰাই প্ৰবাহিত হৈ আছে।’-নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়।

৭১ সংখ্যাক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, 'স্বাধীন ভাৰতৰ প্ৰকৃত স্বপ্ন হৈছে গ্ৰাম্যঞ্চল, দৰিদ্ৰ লোকসকলৰ লগতে সামগ্ৰিকভাৱে সমগ্ৰ দেশৰ উন্নয়ন। এয়া আমাৰ দায়িত্ব। স্বাধীনতা সংগ্ৰামীসকলক আমি কোনো দিনেই পাহৰিব নালাগিব।’

নিজৰ ভাষণত তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ কয়, 'নেতাজীৰ আদৰ্শই আমাক অনুপ্ৰাণিত কৰে।’

সম্প্ৰতি অৰ্থনৈতিক ক্ষেত্ৰখনত একাধিক কঠোৰ আইন প্ৰণয়ন কৰিছে কেন্দ্ৰই। এই সন্দৰ্ভত তেওঁ কয়, 'চৰকাৰে আইন ৰূপায়ণ কৰিব পাৰে। আইন মানি চলাতো হৈছে আমাৰ কৰ্তব্য। কৰ প্ৰক্ৰিয়াক সহজ কৰি তুলিবলৈকে চৰকাৰে জি এছ টি আৰম্ভ কৰিছে।’

তেওঁ আৰু কয়, 'শিক্ষাৰ প্ৰসাৰ ঘটোৱাতো আমাৰ দায়িত্ব।’ গৌতম বুদ্ধৰ উধৃতি টানি আনি তেওঁ কয়, 'নিজৰ ভিতৰতে আৰু জ্বলি উঠিব লাগিব। শিক্ষাৰ হাতত ধৰি যদি আমি আগুৱাই যাওঁ, তেন্তে এই দেশত ১২৫ কোটি বন্তি উজ্বলি উঠিব।’

কেন্দ্ৰৰ স্বচ্ছ ভাৰত প্ৰসংগত তেওঁ কয়, 'চৰকাৰে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছে। কিন্তু দেশখনক পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব আমাৰ প্ৰত্যেকৰে।’