গুৱাহাটীঃ পিএনবি কেলেংকাৰী সন্দৰ্ভত টুইটাৰত পুনৰ আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী৷ ৰাহুল গান্ধীয়ে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টুইট যোগে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ৰাহুল গান্ধীয়ে প্ৰথমে ললিত তাৰ পিছত মালিয়া আৰু এতিয়া নীৰৱ মোডীয় পলায়ণ কৰিছে বুলি টুইট কৰে৷

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে কেলেংকাৰী সন্দৰ্ভত পদক্ষেপ ললে গুনাহগাৰ বুলি নাভাবিবলৈ কৈ প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰিছিল৷

ৰাহুলে প্ৰথমে ললিত তাৰ পিছত মালিয়া আৰু এতিয়া নীৰৱ মোডীয়ে পলাল বুলি কৈ ‘না খাউংগা, না খানেদুংগা’ বুলি কোৱা দেশৰ চকীদাৰ কত আছে বুলি প্ৰশ্ন উত্থাপন কৰে৷

চাহেবৰ মৌনতাৰ ৰহস্য জানিবলৈ জনসাধাৰণ আগ্ৰহী৷ তেওঁৰ মৌনতাই কয় তেও কাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছে বুলি মোডীক বাক্যবান কৰে ৰাহুলে৷ ইয়াৰ পূৰ্বে দেওবাৰে ৰাহুল গান্ধীয়ে টুইট কৰি প্ৰধানমন্ত্ৰী মোডী আৰু বিত্ত মন্ত্ৰী অৰুণ জেটলীক লক্ষ্য কৰি লৈছিল৷

ৰাহুল গান্ধীয়ে কেলেংকাৰী সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু অৰুণ জেটলীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল৷ ৰাহুল গান্ধীয়ে ‘‘প্ৰধানমন্ত্ৰী মোডীয়ে লৰা-ছোৱালীক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ দুঘন্টালৈকে কয়৷ কিন্তুু ২২,০০০ কৌটি টকাৰ কেলেংকাৰীৰ সন্দৰ্ভত তেওঁ দুই মিনিট সময় নকয়৷