newsnextone.com | ডিজিটেল ডেস্কঃ যদি আপোনাৰ বেংকত প্ৰয়োজনীয় কাম আছে তেন্তে আজিয়েই কৰি লওক৷ কিয়নো অহা দুটা দিন বেংক কৰ্মচাৰীয়ে ধৰ্মঘট পালন কৰিব৷ সমগ্ৰ দেশৰ বেংক কৰ্মচাৰীয়ে বুধবাৰৰ পৰা দুদিনৰ ধৰ্মঘট কৰিব৷ যাৰ বাবে সাধাৰণ লোকে দুদিনৰ বাবে বেংকত গৈ লেনে-দেন নতুবা আন আন কাম সমূহ কৰিব নোৱাৰিব৷ 

বেংকৰ কৰ্মচাৰীয়ে ২ শতাংশ দৰমহা বৃদ্ধি কৰিব ওলোৱা কাৰ্যৰ বিৰুদ্ধে অহা ৩০ আৰু ৩১ মে’ত প্ৰতিবাদ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ কৰ্মচাৰীয়ে দৰমহা বৃদ্ধিৰ বাবে ২০১৭ চনৰ পৰাই দাবী জনাই আহিছে যদিও চৰকাৰে মানি নোলোৱাত প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰে৷

বেংক কৰ্মচাৰী সন্থাৰ মতে, উণ্ডিয়ান বেংক এচোছিয়েচনে মাত্ৰ ২ শতাংশ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছে৷ আইবিএ ৫ মে’ত এই প্ৰস্তাৱ আনিছিল৷ ২০১৭ চনৰ ৩১ মাৰ্চলৈ বিল কাষ্টত মাত্ৰ ২ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ আনে৷ ইয়াৰ বিৰুদ্ধে ব্যাপক বিৰোধ কৰে বেংক ইউনিয়ন সমূহে৷ ইউনিয়ন সমূহে এয়া এক ধেমালি বুলি কয়৷ 

১৪-১৫ শতাংশ দৰমহা বৃদ্ধি নকৰা পৰ্যন্ত কোনো কাৰণত এই প্ৰস্তাৱ মানি লোৱা নহ’ব বুলি কয়৷ বুধাবৰে দিল্লীৰ পাৰ্লিয়ামেণ্ট ষ্ট্ৰিটত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিব৷ উল্লেখ্য যে, মোডী চৰকাৰৰ অহাৰ পৰা জনধন যোজনা, নোটবন্দী, মূদ্ৰা যোজনা, নতুন পেঞ্চন নীতিৰ বাবে দিনে নিশেই কাম কৰিছিল বংক কৰ্মচাৰীয়ে৷