ANI
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ শাসনৰ গাদীত বহি একাংশ বিজেপি নেতা-মন্ত্ৰীৰ মতিভ্ৰম ঘটিছে৷ এই অভিযোগ এতিয়া প্ৰায়ে শুনিবলৈ পোৱা যায়৷ বিভিন্ন সময়ত একাংশবিজেপি-নেতা মন্তেৰী-বিধায়কে বিতৰ্কিত মন্তব্য কৰি বিবাদৰ সৃষ্টি কৰি আহিছে৷ যাৰ ফলত দেশৰ সাধাৰণ জনতাই বিজেপিৰ প্ৰতি পূৰ্বতে দেখুওৱা আস্থা লাহে লাহে কমি অহা পৰিলক্ষিত হৈছে৷ 

যি ন্যায়ালয়ৰ ওপৰত ভৰষা কৰি দেশৰ সাধাৰণ জনতাই আইন ব্যৱস্থাৰ ওপৰত আস্থা জমাই ৰাখিছে, সেই ন্যায়লয়কে এইবাৰ দেশৰ গণতন্ত্ৰত লগা দাগ বুলি অপমান কৰিবলৈ দুসাহস কৰিছে বিজেপিৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে৷ ভাৰতৰ গণতন্ত্ৰত উচ্চতম ন্যায়ালয় গুৰুত্বহীন বুলি কৰা মন্তব্যই বিজেপিৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতৰ বহিঃপ্ৰকাশ কৰিছে বুলি মন্তব্য কৰিছে বিভিন্ন জনে৷

বিজেপি চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী উপেন্দ্ৰ কুশবাহাই এইবাৰ ৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ক আক্ৰমণ কৰি কটু বক্যবাণ নিক্ষেপ কৰে৷ উচ্চতম ন্যায়ালয়ৰ কলেজিয়াম দেশৰ গণতন্ত্ৰত দাগ বুলি মন্তব্য কৰে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী কুশবাহাই৷ লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়িক পদ্ধতি পক্ষপাতিমূলক বুলি মন্তব্য কৰি কুশবাহাই ন্যায়াধীশ সকলে নিজৰ উত্তৰাধিকাৰী নিজেই বাচনি কৰে বুলি দাবী কৰে৷ 

সংবাদ প্ৰতিষ্ঠান এএনআইৰ বাতৰি অনুসৰি, পাটনাৰ এখন ৰাজহুৱা অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘ন্যায়পালিকাৰ আচৰণৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায়, বৰ্তমান সময়ত এগৰাকী ন্যায়াধীশে আন এগৰাকী ন্যায়াধীশক নিযুক্তি প্ৰদান কৰিব নিবিচাৰে৷ তাৰ বিপৰীতে তেওঁলোকে নিজৰ নিজৰ উত্তৰাধিকাৰী বাচনিতহে গুৰুত্ব প্ৰদান কৰে৷ তেওঁলোকে এনে কিয় কৰে?’ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে উত্তৰাধিকাৰী বাচনি কৰিব পৰা পদ্ধতিৰ সংশোধন কৰিব লাগে বুলিও দাবী কৰে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী কুশবাহাই৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, ‘মানুহে কয় যে সংৰক্ষণ ব্যৱস্থাৰ বিৰোধ কৰিব লাগে, কাৰণ সংৰক্ষণত কোনো ব্যক্তিৰ যোগ্যতাক উপেক্ষা কৰা হয়৷ কিন্তু মোৰ এনে অনুভৱ হয় যে কলেজিয়ামে জ্ঞানক গুৰুত্ব প্ৰদান নকৰে৷ এজন চাহ বেছা ল’ৰা প্ৰধানমন্ত্ৰী হ’ব পাৰে, এজন মাচুৱৈৰ ল’ৰা বিজ্ঞানী আৰু পিছত ৰাষ্ট্ৰপতি হিচাৰে স্বীকৃতি পাব পাৰে যদি চাকৰণীৰ পুতেক ন্যায়াধীশ হ’ব কিয় নোৱাৰে? কিন্তু উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে তেনে হ’ব নিদিয়ে৷ কলেজিয়াম আমাৰ দেশৰ গণতন্ত্ৰক বাবে মূল্যহীন৷’

আনহাতে উপেন্দ্ৰ কুশবাহাৰ এই মন্তব্যৰ পিছতে দেশত পুনৰ বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে ক্ষমতাৰ লোভত মোহাচন্ন হৈহে এনেদৰে অপমান কৰিব পাৰে বুলিও মন্তব্য কৰে বহুতেই৷ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সৃষ্টি কৰা বিতৰ্কৰ বাবে ক্ষমা বিচাৰিবলৈও দাবী জনায় সচেতন মহলে৷