newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীৰ উপ-ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ মাজৰ যুঁজ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষ সিসোডিয়াই৷ আদালতক ধন্যবাদ জনাই মণিষে কয় যে এতিয়াৰ পৰা দিল্লী চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব৷ এতিয়াৰ পৰা ফাইল সমূহ উপ-ৰাজ্যপালৰ ওচৰলৈ প্ৰেৰণ কৰিব নালাগিব৷

এটি টুইটত মণিষে কয় যে দিল্লীৰ জনতাৰ হৈ মাননীয় উচ্চ ন্যায়ালয়ক ধন্যবাদ যাচিছোঁ৷ দিল্লীৰ নিৰ্বাচিত চৰকাৰে জনতাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব আৰু ফাইল ৰাজ্যপালৰ ওচৰলৈ প্ৰেৰণ কৰিবলৈ প্ৰয়োজন নাই৷ এতিয়াৰ পৰা নিৰ্বাচিত চৰকাৰে বিষয়াক বদলি আৰু নিযুক্তিও কৰিব পাৰিব৷ লোকতন্ত্ৰত লোক মহত্বপূৰ্ণ৷ মণিষে আৰু কয় যে শীৰ্ষ আদালতে স্পষ্ট কৰে যে লোকতন্ত্ৰত জনগণে সৰ্বোচ্চ৷ এই ৰায়ৰ বাবে উচ্চতম ন্যায়ালয়ক দিল্লীৰ জনতাৰ হৈ ধন্যবাদ৷

উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক আবেদনৰ দীৰ্ঘ শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ অধ্যক্ষৰ বেঞ্চে ৰায় প্ৰদান কৰি বুধবাৰে উপ-ৰাজ্যপালে সকলো কামত চৰকাৰক বাধা দিব নোৱাৰিব বুলি কয়৷ সকলো কামত অসন্মতি প্ৰকাশ কৰিব নোৱাৰাৰ লগতে সকলো কামত ৰাজ্যপালৰ সন্মতিৰ প্ৰয়োজন নাই বুলি কয়৷ দিল্লীত অৰাজকতা সৃষ্টি হ’ব নোৱাৰে৷ দুয়োৱে মিলি কাম কৰিব লাগে বুলিও কয় ন্যায়ালয়ে৷