ডিফুঃ কাৰ্বি আংলঙত ২৪টা সংগ্ৰামী সংগংঠনে পৰিষদীয় নিৰ্বীচনৰ পূৰ্বে এখন সংশোধিত ভোটাৰ তালিকাৰ লগতে আইন আৰু নীতি গ্ৰহনৰ বাবে উত্থাপন কৰা দাবীৰ সমৰ্থনত আজি ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব এল, এছ চাংচাঙৰ নেতৃত্বত এটি দলে ২৪ সংগঠনেৰে ডিফুৰ আৱৰ্ত ভৱনত এক উচ্চ স্তৰীয় বৈঠকত মিলিত হয়৷

বৈঠকত অসম আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া অংশগ্ৰহণ কৰাৰ লগতে পূৱ কাৰ্বি আংলং জিলা উপায়ুক্ত আদিল খানো উপস্থিত থাকে৷ ৰুদ্ধ দ্বাৰ বৈঠকখন দুটা পৰ্যায়ত অনুষ্ঠিত হয়৷ প্ৰথমখন কেএছ এ, কে এছ ৱাই চি, কেৱাই অ' আৰু এইছ টি এলৰ মাজত আৰু দ্বিতীয়খন ২৪ সংগঠনৰ সৈতে অনুষ্ঠিত হয়৷

বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত প্ৰধান সচিব এছ এল চাংচনে কোনো ধৰণৰ হিংসা আৰু অশ্লীলতাৰ আশ্ৰয় নোলোৱাকৈ সংগঠনসমুহে তেওঁলোকৰ সংবিধান প্ৰদত্ত দাবীসমূহক লৈ গণতান্ত্ৰিক সংগ্ৰাম আগবঢ়াই নিবলৈ কোৱাৰ লগতে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংবিধান প্ৰদত্ত দাবীসমূহ ৰাজ্যিক পৰ্যায়ত আলাপ আলোচনাৰ মাজেৰে মীমাংসাৰ বাবে মত পোষণ কৰাৰ লগতে আগন্তুক পৰিষদীয় নিৰ্বাচন শান্তিপ্ৰিয় ভাৱে অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়াবলৈ সংগঠন সমূহলৈ আহ্বান জনায়৷

আনহাতে এছ এছ আই চিৰ উপদেষ্টা জে. আই কাথাৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংবাদিকৰ আগত কয় যে তেওঁলোক নিৰ্বাচন বিৰোধী নহয়। ষষ্ঠ অনুসূচিত জাতিৰ বাবে থকা সংবিধান প্ৰদত্ত সুবিধা অনুসৰি পৰিষদীয় নিৰ্বাচনৰ অজনজাতিৰে ভৰপূৰ আসোঁৱাহপূৰ্ণ ভোটাৰ তালিকা বাতিল কৰি আইন আৰু নীতি গ্ৰহণ কৰি এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰি নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলিও মন্তব্য কৰে কাথাৰে।

অন্যথা জিলাখনত অজনজাতিৰ ক্ষমতা সাংবিধানিক ভাবে বৃদ্ধি পাব আৰু জনজাতিসকল নিজৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব বুলি মন্তব্য কৰে। ১৯৫৯ চনৰ আসোঁৱাহপূৰ্ণ ভূমি নীতিৰ বাবে জিলাখনত অজনজাতিয়ে ভূমি পট্টা আদি লাভ কৰি আহিছে যিটো ষষ্ঠ অনুসূচীৰ বাবে থকা সংবিধানৰ অপৰিপন্থী বুলিও তেওঁ অভিযোগ উত্থাপন কৰে৷