মোৰাঝাৰঃ দেশৰ বৰ্তমান পৰিস্থিতিৰ লগতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ সক্ৰিয় ভুমিকাৰ ওপৰত গুৰুত্ব প্ৰদানৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে হোজাই জিলাৰ ডবকাৰ হিন্দু ব্লক মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গনত শনিবাৰে বৃহত্তৰ নাগৰিক ঐক্য মঞ্চৰ উদ্যোগত এখনি শিক্ষা সজাগতা সভাৰ আয়োজন কৰা হয়।
উক্ত সভাত সভাপতিত্ব কৰে অঞ্চলটোৰ বিশিষ্ট সমাজসেৱী বদৰুল ইছলামে। শিক্ষাৰদ্বাৰা সমাজ পৰিবৰ্তন কৰিব পাৰি লগতে বৰ্তমান অসমৰ পৰিস্থিতিৰ ওপৰত একমাত্র শিক্ষা আৰু একতাৰ দ্বাৰা ৰাইজক সঠিক পথ-প্ৰদৰ্শন কৰিব পৰাৰ উদ্দেশ্যৰে হিন্দু ব্লক মধ্য ইংৰাজী বিদ্যালয়ে এই সভাখন অনুস্থিত কৰে।
জ্ঞান-জ্যোতি জাতীয় বিদ্যালয় আৰু বহু কেইখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে বহু স্থানীয় ৰাইজৰ সহযোগত প্ৰথম দিনা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। দুদিনীয়া কাৰ্যসূচীৰ মুকলি সভাত প্ৰধান অতিথি হিচাপে উপস্থিত থাকে মামুন আজম বৰভূঞা, আব্দুল জলিল পাটোৱাৰিৰ লগতে বহুতো বিশিষ্ট ব্যক্তি। জ্ঞানৰ দ্বাৰাই দেশৰ উন্নতি সাধন কৰিব পাৰি, শিক্ষাৰ দ্বাৰাই সমাজৰ কু-সংস্কৃতি আদি ৰোধ কৰিব পাৰি বুলি বক্তব্য প্ৰদান কৰে আনফৰ আলী কলেজৰ অধ্যাপক বদৰুল ইছলামে।