কোকৰাঝাৰঃ যাত্ৰীক পৰিচৰ্যাৰ ক্ষেত্ৰত ৰে'ল বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে বুলি উত্থাপন হৈ অহা অভিযোগ বহুদিনৰ। সময়ে সময়ে বিভাগটোৱে এই ক্ষেত্ৰত একাধিক প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও সেয়া প্ৰতিশ্ৰুতি হৈয়ে ৰৈছে। 

ইয়াৰ মাজতে আজি ৰে'ল সেৱাৰ নিম্ন মানদণ্ড  উজনিমুৱা ১২৫০৯ নং বাংগালুৰু এক্সপ্ৰেছ ৰে'লখনত সাংবাদিকৰ এটা দলৰ সন্মুখতে উন্মোচিত হয়৷ বাংগালুৰুৰ পৰা গুৱাহাটী অভিমুখী বাংগালুৰু এক্সপ্ৰেছ ত বিশুদ্ধ খাদ্যৰ নামত লুন্ঠনৰ এক জ্বলন্ত উদাহৰণ দেখিবলৈ পালে চেন্নাইৰ পৰা উভতি অহা বিটিএডিৰ সাংবাদিকৰ এটি দলে ৷

ৰে'লৰ নিম্ন সেৱাত অতিষ্ঠ হৈ সংবাদ মাধ্যমৰ দলটোৰ সৈতে একেটা কম্পাৰ্মেন্ট’ত যাত্ৰা কৰা সত্যেন্দ্ৰ কুমাৰ নামৰ যাত্ৰী এগৰাকীয়ে টুইট্‌’ যোগে ৰে'লৱে মন্ত্ৰণালয়ক অভিযোগ দাখিল কৰাৰ পিছতে স্থানীয় ৰে'ল কৰ্তৃপক্ষৰ হাহাকাৰ লাগে। টুইট যোগে কৰা অভিযোগৰ পিছতে ৰেলখনৰ পেন্টিকাৰ পৰিচালনা কৰা সহ প্ৰৱন্ধকে ততাতৈয়াকৈ অভিযোগ কৰা কম্পাৰ্টমেন্টত আহি উপস্থিত হৈ ক্ষমা বিচাৰে আৰু উন্নত মানৰ সেৱা তথা খাদ্য যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। 

অভিযোগ অনুসৰি ৰে'ল যাত্ৰীসকলৰ বাবে ৰেল কৰ্তৃপক্ষই যোগান ধৰা খাদ্যৰ বাবে উচ্চ হাৰত খাদ্যৰ দাম সংগ্ৰহ কৰাৰ বিপৰীতে অতি নিম্নমানৰ খাদ্য পৰিৱেশন কৰা, তথা সাধাৰণ নিৰামিষ খাদ্যাৰ বাবদ ১৫০, মাছ ভাত ১৭০, মূৰ্গী(বইলাৰ)ৰ মাংসৰে ভাতৰ বাবে  ১৭০, কণী ভাত ১৬০ টকাকৈ ধাৰ্য্য কৰাৰ বিপৰীতে বিশুদ্ধ খোৱা পানী আৰু অন্যান্য মেনুত উল্লেখিত কেবাটাও খাদ্য বস্তু প্ৰদান নকৰাত কম্পাৰ্মেণ্টত থকা ৰে'লযাত্ৰীয়ে পেণ্টিকাৰৰ দায়িত্বত থকা সহ প্ৰৱন্ধক গৰাকীক অভিযোগ দিয়ে যদিও উক্ত ৰে'ল কৰ্মীজনে প্ৰধানমন্ত্ৰীক অভিযোগ দিয়ক বুলি ওলোটাই তাচ্ছিল্য কৰে।

ইয়াৰ পিছতেই যাত্ৰী সত্যেন্দ্ৰ কুমাৰে ৰে'ল মন্ত্ৰানালয়লৈ টুইট কৰে। টুইট কৰাৰ কিছু মুহূৰ্তৰ পিছতে ৰে'লখনৰ পেন্টিকাৰৰ পৰিচালকে উক্ত কম্পাৰ্মেন্টত আহি অভিযোগকাৰী যাত্ৰীগৰাকীক পেন্টিকাৰলৈ লৈ যোৱাৰ চেষ্টা চলায়৷ এনেকি সমগ্ৰ ঘটনা সম্পৰ্কে পেন্টিকাৰৰ প্ৰৱন্ধকে অভিযোগকাৰী যাত্ৰীসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰে আৰু অভিযোগকাৰীক প্ৰলোভিত কৰাৰ চেষ্টা চলায় ৷

ৰে'ল যাত্ৰীসকলৰ বাবে উচিত তথা উন্নত মানৰ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবেই টুইট যোগে ৰে'ল কৰ্তৃপক্ষক অভিযোগ প্ৰদান কৰিবলৈ বাধ্য হয় বুলি অভিযোগকাৰী সত্যেন্দ্ৰ কুমাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে৷ ইপিনে ঘটনা সম্পৰ্কে সবিশেষ জানিবলৈ কম্পাৰ্মেন্টত ৰেল আৰক্ষীৰ এটা দল উপস্থিত হয়  আৰু ঘটনাটো গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি যাত্ৰীসকলক আশ্বাস প্ৰদান কৰে ৷

প্ৰনিধানযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ৰেল মন্ত্ৰালয়ৰ দায়িত্বত থকা সুৰেশ প্ৰভূৱে ৰে'ল যাত্ৰীসকলৰ বাবে উন্নত মানৰ সা-সুবিধা প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও বাস্তৱিকতে ৰেলসমূহত খাদ্যৰ অত্যাধিক দাম লোৱাৰ বিপৰীতে অতি নিম্নমানৰ খাদ্য যোগান ধৰি আহিছে ৷ আনকি যাত্ৰীসকলৰ খাদ্য পৰিৱেশন কৰা ট্ৰে’ খনত স্বচ্ছ ভাৰতৰ লিফলেট দিয়া আছে যদিও ৰে'লখনৰ দবাসমুহ পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই।

ৰেল যাত্ৰী সকলে খাদ্য গ্ৰহণ কৰাৰ পিছত ৰেলৰ চাফাই কৰ্মী সকলে ট্ৰে-খনত ৰৈ যোৱা অতিৰিক্ত খাদ্যসমূহ দবাৰ পৰা দৰ্জাৰে ৰেলৰ বাহিৰত দলি মাৰি পেলাই দিয়া পৰিলক্ষিত হয় ৷ স্বচ্ছ ভাৰতৰ শ্লোগান দিয়া আৰু উন্নত মানৰ সেৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা ৰে'ল বিভাগৰ নিম্ন সেৱাই এতিয়া যাত্ৰীসকলক বাৰুকৈয়ে ভবাই তুলিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও কেবাজনো যাত্ৰীয়ে যাত্ৰাকালত সন্মুখীন হোৱা একাধিক সমস্যাৰ বিষয়ে টুইট কৰাৰ পিছতে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছিল সংশ্লিষ্ট কৰ্তৃপক্ষ।