গোৰেশ্বৰঃ প্ৰায় সাত দশক পূৰ্বে কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি গোৰেশ্বৰ ৰাজহ চক্ৰৰ বেতনা মৌজাৰ মহৰিপাৰাৰ নিজকচুলা গাঁৱত বসতি স্থাপন কৰিছিল বহু লোকে। কিন্তু আজি মৰমৰ এই গাঁওখন নদীৰ বুকুত।

বাগছা জিলাৰ গোৰেশ্বৰৰ  নিজকচুলা গাঁৱৰ চনবস্তি চুবুৰিটোও এতিয়া এক অভাৱনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে। গাঁওখনৰ শ শ বিঘা মাটি আজিও বালিময় হৈ পৰি আছে। ২০০৪ চনৰ বৃহৎ বানৰ পিছত বিগত তেৰ বছৰে একো খেতি কৰিব পৰা নাই গাঁওবাসীয়ে।

শুক্লাই নদীৰ বানে যেন তচনচ কৰি পেলাইছে চনবস্তিবাসীৰ সপোন। প্ৰতিবছৰে শুক্লাই নৈয়ে তাণ্ডৱ চলাই বিধ্বস্ত কৰি পেলাইছে নিজকচুলা গাঁৱৰ লগতে চনবস্তিকো। এককথাত ক'বলৈ গ'লে চনবস্তি শুক্লাই নৈৰ এটা দ্বীপলৈ পৰিবৰ্তিত হৈছে। বাৰিষা আহিলেই শুক্লাই নৈৰ পূব ফালৰ ভঙা অংশৰ লগতে পশ্চিম অংশৰেও পানী বৈ থকা নদীৰ সোঁমাজত অৱস্থিতি গ্ৰহণ কৰে চনবস্তিয়ে।  

এইবাৰো বাৰিষাৰ পূৰ্বে পুনৰ ত্ৰাসিত হৈছে চনবস্তিবাসী। নিজকচুলা গাঁওখন এটা সময়ত ধনে-ধানে উভৈনদী হৈ আছিল। চনবস্তিও ভৰি আছিল সেউজীয়া ধাননিৰে। কিন্তু ২০০৪ চনত শুক্লাই নদীৰ প্ৰবল বানে পূব দিশৰ মথাউৰি ভাঙি বিধ্বস্ত কৰিলে চুবুৰিটো।

সমগ্ৰ চুবুৰিটোৰ লোকৰ বিঘাই বিঘাই কৃষিভূমি বালিয়ে পুতি পেলোৱাৰ লগতে ঘৰ-দুৱাৰো ধ্বংস কৰে। ইয়াৰ পিছত প্ৰতিবছৰে শুক্লাই নৈৰ বানে চনবস্তিক গৰকি থৈ যোৱাটো যেন এক সাধাৰণ ঘটনাত পৰিণত হ'ল । মন কৰিবলগীয়া যে যি স্থানত মথাউৰি ভাঙি চুবুৰিটো ধ্বংস হৈছিল সেই স্থানত মথাউৰি নিৰ্মাণৰ বাবে বাৰে বাৰে চৰকাৰী ধন খৰচ কৰা হৈছে যদিও বানহে ৰোধ কৰিব পৰা হোৱা নাই।

মথাউৰিৰ নিৰ্মাণৰ কামত দুৰ্নীতি হোৱাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে চনবস্তিবাসীৰ। সেয়ে অলপ বৰষুণতে মথাউৰিৰ ভঙা অংশৰে আজিও গাঁওখনত নৈৰ পানী সোমায়। চনবস্তিত থকা একমাত্ৰ বিদ্যালয় ১৯৭৭ চনতে স্থাপিত "চনবস্তি প্ৰাথমিক বিদ্যালয়"। উক্ত বিদ্যালয়খনো বানৰ কবলত পৰি বাৰে বাৰে বালিত পোত যোৱাৰ উপক্ৰম হৈছে।

খোৱাপানীৰ নাই কোনো সা-সুবিধা।  দুবছৰ পূৰ্বে নিজকচুলাৰ হীৰাচুবুৰিত খোৱা পানী যোগান আঁচনি এখনৰ কাম আৰম্ভ কৰা হৈছিল যদিও ৰহস্যজনক কাৰণত সেয়াও বন্ধ হৈ আছে। গাঁওখনত  যাতায়াতৰ নাই কোনো সুব্যৱস্থা । সৰু গাড়ী এখনো যাব নোৱাৰে চনবস্তিলৈ।  ৰোগীক চিকিৎসাৰ বাবে গোৰেশ্বৰ,  মহৰিপাৰা বা নাওকাটালৈ নিব লাগিলে ঠেলা গাড়ী নতুবা দাংকোলা কৰি নতুবা ভাৰ বান্ধিহে আজিও নিব লগা অৱস্থা হৈ আছে।

চনবস্তিৰ বাহিৰত পঢ়া ছাত্র-ছাত্রীয়ে অলপ বৰষুণ হ'লেই দহ-বাৰ দিন বিদ্যালয়লৈ যাব নোৱাৰে বাট-পথৰ দুৰৱস্থাৰ বাবে। একপ্ৰকাৰ বাৰিষাৰ বাদেও কিছুদিন দীঘলীয়াকৈ বৰষুণ দিলেই বহিঃজগতৰ লগত সংযোগ বিচ্ছিন্ন হৈ পৰে গাঁওবাসীৰ।  

সমস্যাজৰ্জৰ চনবস্তিবাসীয়ে আকৌ অক্টোবৰ-নৱেম্বৰ মাহত যুঁজিব লাগে বনৰীয়া হাতীৰ সৈতে। খাদ্যৰ সন্ধানত বৰনদী অভয়াৰণ্যৰ পৰা নামি অহা বনৰীয়া হাতীয়ে যি অলপ-অচৰপ পাচলি খেতি হয় তাকো নি:শেষ কৰাৰ লগতে ঘৰসমূহো ভাঙি থৈ যায়। তাৰ মাজতো জীয়াই আছে চনবস্তিবাসী। এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰিছে গঞাই।