গুৱাহাটীঃ প্ৰৱঞ্চনাত নামিল বহু নামী-দামী প্ৰতিষ্ঠান। অনলাইনত বিভিন্ন সামগ্ৰী কম দামত বিক্ৰীৰ প্ৰলোভন দি একাংশ দেশীয় অথবা বহুজাতিক প্ৰতিষ্ঠানে প্ৰতাৰণাৰ জাল তৰাৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে।

সমগ্ৰ ৰাজ্য জুৰি এই প্ৰৱঞ্চনাৰ জাল পেলাইছে এই প্ৰতিষ্ঠানসমূহে। লক্ষ্যণীয়ভাৱে এই প্ৰতিষ্ঠানসমূহে ডাকঘৰৰ জৰিয়তে ক্ৰেতালৈ সামগ্ৰী প্ৰেৰণ কৰে। কিন্তু ক্ৰেতাই কিনা সামগ্ৰীটোৰ পৰিৱৰ্তে তেনেই নিম্নমানৰ অথবা একেবাৰে অপ্ৰয়োজনীয় সামগ্ৰী লাভ কৰে।

অথচ ইয়াৰ পূৰ্বে নিৰ্দিষ্ট দাম দি ক্ৰেতাজনে সামগ্ৰীটো ক্ৰয় কৰে অৰ্থাৎ পাৰ্চেলটো ক্ৰয় কৰে। এই সম্পৰ্কত যোৰহাটৰ এটা ডাকঘৰত কৰ্মৰত এজন ডাক কৰ্মচাৰীৰ মন্তব্য এনেধৰণৰ---- 'একাংশ নামী-দামী প্ৰতিষ্ঠানে ক্ৰেতাক মূৰ্খ সজাবলৈ লৈছে। এনে প্ৰতিষ্ঠানে এজন লোকে ক্ৰয় কৰা সামগ্ৰীৰ পৰিৱৰ্তে নিম্নমানৰ অথবা তেনেই অপ্ৰয়োজনীয় সামগ্ৰী ডাকযোগে প্ৰেৰণ কৰিবলৈ লৈছে। ফলত গ্ৰাহকজন প্ৰৱঞ্চিত হয়। এনে প্ৰৱঞ্চকে অামাৰ ডাক বিভাগৰ বিশ্বাসযোগ্যতাও ধ্বংস কৰিছে।’

লক্ষ্যণীয় যে কেৱল যোৰহাটেই নহয়, শেহতীয়াভাৱে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লোক এনে প্ৰৱঞ্চকৰ প্ৰতাৰণাৰ বলি হৈছে। কিছুদিন পূৰ্বে বৰপেটা জিলাৰ কয়াকুছিৰ দুজন লোক এনেদৰে প্ৰতাৰিত হয়। এই লোকদ্বয়লৈ এটা বহুজাতিক প্ৰতিষ্ঠানে ডাকযোগে নিম্নমানৰ সামগ্ৰীৰ পাৰ্চেল প্ৰেৰণ কৰি প্ৰতাৰণা কৰে।

ডাক ব্যৱস্থাটো যিহেতু ব্ৰিটিছৰ যুগৰ পৰা জনমানসত বিশ্বাসযোগ্য হিচাপে প্ৰতিপন্ন হৈ আহিছে, গতিকে প্ৰৱঞ্চকে এই বিশ্বাসযোগ্যতাক ঢাল কৰি প্ৰৱঞ্চনাৰ জাল পেলাইছে।